Advertisment

সীমান্তত আকৌ চলিল গুলী... BSFৰ গুলীত ২ নাবালক গুলীবিদ্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া

ভাৰত-বাংলা সীমান্তত পুনৰ উত্তেজনাময় পৰিস্থিতি। ত্ৰিপুৰা ছিপাহিজলা জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বক্সনগৰ পুতিয়াত BSFৰ গুলীত আহত হয় ২ নাবালক!

 সীমান্তত আকৌ চলিল গুলী... BSFৰ গুলীত ২ নাবালক গুলীবিদ্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া

গুৱাহাটী, ০৬ ডিচেম্বৰঃ শনিবাৰে বিয়লি ত্ৰিপুৰা ছিপাহিজলা জিলাৰ কলমচৌৰা থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী বক্সনগৰ পুতিয়া অঞ্চলত ৰাইজৰ মাজত এক বৃহৎ উত্তেজনাৰ সৃষ্টি হয়। অভিযোগ অনুসৰি বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে সীমান্তৰ সমীপত বিচৰণ কৰি থকা অৱস্থাত BSFৰ জোৱানে দুজন নাবালকক গুলীচালনা কৰে। গুলীচালনাত দুই নাবালক গুৰুতৰভাৱে আহত হয়। শীঘ্ৰে সেই স্থানৰ পৰা গুলীবিদ্ধক উদ্ধাৰ কৰি প্ৰথমে বিশালগড় চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে আহত নাবালক দুজনৰ শাৰীৰিক অৱস্থা গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে ততাতৈয়াকৈ ত্ৰিপুৰাৰ মূল ৰেফাৰেল হাস্পতাল আগৰতলাৰ GBP হাস্পতালৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰে। 

Advertisment

ALSO READ: কি বিড়ম্বনা! Indigo কৰ্তৃপক্ষই জ্বলাকলা খুৱাইছে বিমানযাত্ৰীক

এই খবৰ অঞ্চলটোৰ সকলো মানুহৰ মাজত বিয়পি পৰাৰ লগে লগে উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে। এই ঘটনাত বিএছএফৰ জোৱানৰ ভূমিকাক লৈ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰে। নাবালকক লক্ষ্য কৰি বিএছএফৰ জোৱানৰ গুলীচালনাক অমানৱীয় আখ্যা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰে। আনহাতে BSFৰ সূত্ৰই দাবী কৰিছে যে চোৰাং ব্যৱসায়ৰ উদ্দেশ্যে সীমান্ত পাৰ হৈ যোৱাৰ সময়ত নাবালক দুজনে সতৰ্কবাণী অমান্য কৰাত বিএছএফৰ জোৱানসকলে গুলীচালনা কৰিবলৈ বাধ্য হয়। 

ALSO READ:  অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম

ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সীমান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। বৰ্তমান নাবালক দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আগৰতলা জিবিপি হাস্পতালৰ ট্ৰমা কেয়াৰ ইউনিটত চিকিৎসাধীন হৈ আছে। চিকিৎসালয় কৰ্তৃপক্ষই তেওঁলোকৰ অৱস্থা সুস্থিৰ নে নহয় সেই সন্দৰ্ভত এতিয়াও কোনো সবিশেষ জানিবলৈ দিয়া নাই। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে দাবী জনাইছে যে প্ৰকৃত সত্য উন্মোচনৰ বাবে নিৰপেক্ষ তদন্ত কৰি বিএছএফৰ জোৱানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সম্প্ৰতি এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত অঞ্চলৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা হৈছে। 

বিক্ৰম কৰ্মকাৰ, ত্ৰিপুৰা, DY365

Advertisment
Advertisment