Assameseকি বিড়ম্বনা! Indigo কৰ্তৃপক্ষই জ্বলাকলা খুৱাইছে বিমানযাত্ৰীকযাত্ৰীক জ্বলাকলা খুৱাইছে Indigo কৰ্তৃপক্ষই। তৃতীয় দিনাও Indigo বিমানযাত্ৰীৰ মাজত হাহাকাৰ। DGCAৰ নতুন নিয়মৰ বাবে Indigoযে বাতিল কৰিছে হাজাৰোধিক বিমান। গুৱাহাটী বিমানবন্দৰত তৃতীয় দিনা বাতিল Indigoৰ প্ৰায় ১৫খন বিমান। Naba Gogoi Dec 06, 2025 16:09 ISTগুৱাহাটী বিমানবন্দৰত তৃতীয় দিনা বাতিল Indigoৰ প্ৰায় ১৫খন বিমানগুৱাহাটী, ০৬ ডিচেম্বৰঃ বিশ্বজুৰি Indigoৰ বিমান বাতিল। যাত্ৰীক জ্বলাকলা খুৱাইছে Indigo কৰ্তৃপক্ষই। তৃতীয় দিনাও Indigo বিমানযাত্ৰীৰ মাজত হাহাকাৰ। DGCAৰ নতুন নিয়মৰ বাবে Indigo বিমান সংস্থাৰ ভিতৰচৰাত হাহাকাৰ। তৃতীয়টো দিনলৈ ১০০০ৰো অধিক বিমান বিশ্বজুৰি বাতিল হৈছে। ফলত ক্ষুণ্ণ হৈ পৰিছে বিমানযাত্ৰীসকল। Advertismentalso read: সংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ!গুৱাহাটী বিমানবন্দৰতো তৃতীয় দিনা বাতিল কৰা হয় প্ৰায় ১৫খন বিমান, বিলম্বিত কেইবাখনো উৰণ-অৱতৰণ কৰিবলগীয়া বিমান। গুৱাহাটী বিমানবন্দৰত বাতিল কৰা হৈছে অৱতৰণ কৰিব লগা 6E623, 6E6720, 6E748, 6E6913, 6E146, 6E2154, 6E572 নম্বৰৰ বিমান। সমান্তৰালকৈ বাতিল কৰা হৈছে গুৱাহাটীৰ পৰা উৰিব লগা 6E6416, 6E6720, 6E2154, 6E930, 6E6458, 6E146 নম্বৰৰ বিমান। ইয়াৰ লগতে গুৱাহাটীৰ পৰা উৰিব লগা কেইবাখনো বিমানৰ হৈছে বিলম্ব। প্ৰায় ৭ঘণ্টা পৰ্যন্ত বিমান বিলম্ব হোৱাত হাহাকাৰ লাগিছে বিমানযাত্ৰীৰ মাজত।also read: গ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডেডিব্ৰুগড়লৈ পুৱা ১০ বজাত উৰিব লগা 6E6457 বিমান উৰিব বিয়লি ৪ বাজি ২০মিনিটত, আগৰতলালৈ উৰিব লগা 6E2154 নম্বৰৰ বিমান পুৱা ১০:৪০ৰ পৰিৱৰ্তে উৰিব সন্ধিয়া ৬ বজাত। ইফালে গুৱাহাটীলৈ আহিব লগীয়া কেইবাখনো বিমান বিলম্বিত হৈছে। গুৱাহাটী বিমানবন্দৰতে ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰিছে শ শ যাত্ৰীয়ে।also read: অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়ামIndigoৰ বিমান বাতিল হোৱাৰ বাবে Under19 খেলিবলৈ ওলাই আহি থমকি ৰ'ল অৰুণাচলৰ ক্ৰিকেট দল। অৰুণাচলৰ পৰা স্থলপথযোগে গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈ আহমেদাবাদলৈ যাব লগা আছিল দলটো। বিয়লি ৫:৫০ত যাব লগা 6E6458 নম্বৰৰ বিমানখন হঠাৎ বাতিলৰ ফলত এতিয়া হাহাকাৰ ক্ৰিকেট দলটোৰ মাজত। ভৱিষ্যৎ গঢ়া সপোন দেখি ওলাই অহা উদীয়মান যুৱকৰ ভৱিষ্যৎ এতিয়া অন্ধকাৰত। Indigoৰ এই অচলাৱস্থাই এতিয়া বিশ্বজুৰি হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ লগাইছে।AdvertismentAdvertisment Read the Next Article