Assameseগ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডেঅৱশেষত গ্ৰেপ্তাৰ হ’ল শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডে। ধন দাবী, অবৈধ বেহাৰে ত্ৰাসৰ সৃষ্টি কৰা গীতা পাণ্ডেক গ্ৰেপ্তাৰ। আৰক্ষী, আদালতত লৈও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ গীতা পাণ্ডেৰ বিৰুদ্ধে। Mrinmoy Talukdar Dec 05, 2025 20:10 ISTFilephotoগ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডেঅৱশেষত গ্ৰেপ্তাৰ হ’ল শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডে। ধন দাবী, অবৈধ বেহাৰে ত্ৰাসৰ সৃষ্টি কৰা গীতা পাণ্ডেক গ্ৰেপ্তাৰ। আৰক্ষী, আদালতত লৈও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ গীতা পাণ্ডেৰ বিৰুদ্ধে। AdvertismentRead More- হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যগীতা পাণ্ডে এক সন্ত্ৰাসৰ নাম। দীৰ্ঘদিনে ধৰি শিলচৰত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ‘লেডী ডন’ গীতা পাণ্ডেই। বিভিন্ন লোকক ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকান চূৰমাৰ কৰিও তাণ্ডৱ চলাইছিল গীতা বাহিনীয়ে। ‘লেডী ডন’ গীতা পাণ্ডেই মহিলা সংগঠন খুলি আঁৰত চলাইছিল অসামাজিক কাম-কাজ। আৰক্ষী, আদালতত লৈও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ গীতাৰ বিৰুদ্ধে। ধন দাবী, আদালত আৰু আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰৰ শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডে। Read More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইনধন দাবী, আদালত আৰু আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিলচৰৰ ‘লেডী ডন’ গৰাকীক। অভিযোগ অনুসৰি গীতা পাণ্ডেই এটা মহিলা সংগঠন খুলি সংগঠনৰ আৰত বিভিন্ন অবৈধ বেহা আৰম্ভ কৰিছিল। বিভিন্ন লোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই ধন সংগ্ৰহ কৰি আহিছিল শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডেই। সম্প্ৰতি দাবী কৰা ধন নিদিয়াৰ বাবে এজন শাক-পাচলি ব্যবসায়ীৰ দোকান ভাঙি চুৰমাৰ কৰে গীতা পাণ্ডেৰ লগতে তেওৰ গেঙটোৱে। ঘটনাৰ পাছত ভুক্তভোগী লোকজনে আৰক্ষী চকীত গীতা পাণ্ডেৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। আনহাতে ঘটনাৰ দুদিন পাছতে নিজৰ ফেইচবুক লাইভত আৰক্ষী আৰু আদালতৰ বিৰুদ্ধেও আপত্তিজনক মন্তব্য কৰিছিল গীতা পাণ্ডেই । ইয়াৰ পাছতেই গীতা পাণ্ডেক বিচাৰি অভিযানত নামিছিল শিলচৰ আৰক্ষী। অৱশেষত কালি শিলচৰৰ ‘লেডী ডন’ বুলি পৰিচিত গীতা পাণ্ডেক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।Read More- ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰAdvertismentAdvertisment Read the Next Article