Assameseহাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যহাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ব্ৰহ্মপুত্ৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ হাহাকাৰময় পৰিৱেশ। নলবাৰী আৰু বৰপেটাৰ সীমান্তৱৰ্তী ঠাই চেঙাৰ বালাট্টাৰী চৰৰ ব্ৰহ্মপুত্ৰত আজি উদ্ধাৰ হয় মৃতদেহটো।Jyotiprasad Sarma Dec 05, 2025 18:27 ISTক'ত উদ্ধাৰ হাত, ভৰি বন্ধা অৱস্থাত মৃতদেহ? Photograph: (DY365)ক'ত উদ্ধাৰ হাত, ভৰি বন্ধা অৱস্থাত মৃতদেহ? হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ব্ৰহ্মপুত্ৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ হাহাকাৰময় পৰিৱেশ। নলবাৰী আৰু বৰপেটাৰ সীমান্তৱৰ্তী ঠাই চেঙাৰ বালাট্টাৰী চৰৰ ব্ৰহ্মপুত্ৰত আজি উদ্ধাৰ হয় মৃতদেহটো। অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।AdvertismentAlso Read: ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা!উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উটি অহা অচিনাক্ত যুৱকৰ মৃতদেহটো বালাট্টাৰী চৰত স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। খবৰ পোৱাৰ লগে লগে তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰয়, সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি ডেকা, মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদকে ধৰি এটি বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। ইফালে ঘটনাৰ খবৰ পাই বৰপেটাৰ সদৰ উপ-আৰক্ষী অধীক্ষক জিতেশ বৰ্মনো ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। Also Read: অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়ামআৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। প্ৰায় ৪০ বছৰীয়া মৃত যুৱকজনৰ উদ্ধাৰ হোৱা নাই পৰিচয়। নীলা ৰঙৰ টি চাৰ্ট পৰিহিত মৃতদেহটোৰ হাত, ভৰি বন্ধাৰ লগতে মুখত কাপোৰেৰে বন্ধা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে। উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। কোনো দুৰ্বৃত্তই লোকজনক হত্যা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।Also Read: কাকো ক্ষমা নকৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই, ল'লে এক্সন মুড!উল্লেখ্য যে, আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব মৃত যুৱকজনৰ লগত প্ৰকৃততে কি হৈছিল? কোনো দুৰ্বৃত্তই হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিছিল নে আন কিবা কাৰণ মৃত্যু হৈছিল অচিনাক্ত যুৱকজনৰ। AdvertismentAdvertisment Read the Next Article