Advertisment

ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি

মৃত্যু এতিয়া সহজ...! ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি। ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কেইবাটাও শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লয় ৪গৰাকীকৈ লোকে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকীকৈ লোক। সংকটজনক অৱস্থাত আহতসকলক হাস্পতালত ভৰ্তি।

 ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি Photograph: (DY365)
ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি Photograph: (DY365)

ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি


৪গৰাকীৰ কৰুণ মৃত্যু, আহত কেইবাজনো

মৃত্যু এতিয়া সহজ...! ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি। ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কেইবাটাও শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লয় ৪গৰাকীকৈ লোকে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকীকৈ লোক। সংকটজনক অৱস্থাত আহতসকলক হাস্পতালত ভৰ্তি।

Advertisment

খবৰ অনুসৰি, তিনিচুকীয়াৰ মাকুমত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শোকাৱহ দুৰ্ঘটনাটোত ৩গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হয়। আনহাতে পুৰুষ-মহিলাসহ দুৰ্ঘটনাটোত ১৩জনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ৫জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। মাকুমৰ শুকানপুখুৰীত এম্বুলেন্স আৰু নৈশ বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। পুৱা ৬.২০ বজাত ঘটে এই চাঞ্চল্যকৰ দুৰ্ঘটনাটো। ডিগবৈৰ পাৱৈ চাহ বাগিচাৰ পৰা AMCHলৈ ৰোগী লৈ গৈ আছিল এম্বুলেন্সখনে। দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা লোককেইজন মিঞ্জু ভূঞা, গোবিন্দ ভূঞা আৰু কুমাৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাৱে আহতসকলক তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। 

ইফালে নগাঁৱৰ চামগুৰিতো সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। চামগুৰিৰ শিৱস্থানৰ টেকেলিফুটাত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। দ্ৰুতবেগী বাইকে বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত দক্ষিণ ফুটাকলঙৰ আনছাৰুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু হয়। শিৱস্থান বজাৰৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS-12-X-6387। ঘটনাস্থলীত শিৱস্থান আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে NMCHলৈ প্ৰেৰণ কৰে।  

আনহাতে শ্রীভূমি জিলাৰ সুপ্রাকান্দিতো সংঘটিত হয় আন এক ভয়ংকৰ পথ দুর্ঘটনা। দ্রুতবেগী ট্রাকে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত ৫গৰাকীকৈ যুৱক-যুৱতী। গুৰুতৰভাৱে আহতসকলৰ ভিতৰত তিনিজন ল'ৰা আৰু দুগৰাকী যুৱতী। আটাইকেইজন যুৱক-যুৱতীয়ে দৌৰ অনুশীলন কৰি থকা অৱস্থাত ট্ৰাকে খুন্দিওৱাৰ অভিযোগ। দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা ট্ৰাকখনৰ চালকক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় নিলামবজাৰ আৰক্ষী

Advertisment
Advertisment