Assameseপ্ৰধানমন্ত্ৰী হৈও বাচিব নোৱাৰিলে... অপৰাধীক মৃত্যুদণ্ড! হাছিনাই কি অপৰাধ কৰিছিল?কি অপৰাধত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হৈও মৃত্যুদণ্ডৰে দণ্ডিত হ'ল হাছিনা? এসময়ত ক্ষমতাক অপব্যৱহাৰ, অৱশেষত দেশ এৰি পলায়ন এতিয়া মুত্যুদণ্ডৰ ৰায়। এদিন ক্ষমতাৰ বলত জনতাক শোষণ কৰা বাংলাদেশৰ হাছিনা আজি দেশদ্ৰোহী, হাছিনা আজি পলাতক, আজি অপৰাধী।Naba Gogoi Nov 19, 2025 19:07 ISTবাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈও কু-কাৰ্যৰ পৰা বাচিব নোৱাৰিলে হাছিনাগুৱাহাটী, ১৯ নৱেম্বৰঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিও শাস্তিৰ পৰা পলাই সাৰিব নোৱাৰিলে এগৰাকী নাৰীয়ে। এদিন দেশখনৰ দায়িত্বভাৰ কান্ধত লৈ বিশ্বৰ আগত প্ৰতিনিধিত্ব কৰিছিল তেওঁ। এসময়ত ক্ষমতাক অপব্যৱহাৰ, অৱশেষত দেশ এৰি পলায়ন এতিয়া মুত্যুদণ্ড। এই কাহিনী চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ। এই কাহিনীক শ্বাসৰুদ্ধকৰ বুলি আমি এই কাৰণেই কৈছো, কিয়নো বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈও কু-কাৰ্যৰ পৰা বাচিব নোৱাৰিলে হাছিনাই। হাছিনাৰ কাষত নাথাকিল দেশখনৰ জনতা। এদিন ক্ষমতাৰ বলত জনতাক শোষণ কৰা হাছিনা আজি দেশদ্ৰোহী, হাছিনা আজি পলাতক, আজি অপৰাধী। AdvertismentVIDEO | Dhaka: A Bangladesh court finds ousted PM and Awami League leader Sheikh Hasina guilty of crimes against humanity.“…Sheikh Hasina has committed crimes against humanity. Six protesters at Chankharpul were killed using lethal weapons on August 5. By issuing orders and… pic.twitter.com/7Ql1aYFMlT — Press Trust of India (@PTI_News) November 17, 2025আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দিলে মৃত্যুদণ্ডৰ ৰায়। অমানৱীয় অপৰাধৰ গোচৰত শ্বেখ হাছিনাক দোষী সাব্যস্ত কৰি হাছিনাৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ ৰায়। মন কৰিবলগীয়া যে সোমবাৰ অৰ্থাৎ ১৭ নৱেম্বৰৰ দিনা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ ICT-এ প্ৰদান কৰা ৪৫৩ পৃষ্ঠাৰ ৰায়দানত হাছিনা আৰু দুই অভিযুক্তক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে। দেশখনত ২০২৪ চনৰ জুলাই মাহত আৰম্ভ হৈছিল তীব্ৰ ছাত্ৰ আন্দোলন। সেই ছাত্ৰ আন্দোলনতে শ্বেইখ হাছিনাই লৈছিল কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। বিগত বৰ্ষত বাংলাদেশক জোকাৰি যোৱা প্ৰতিবাদত ৪৬ দিনৰ ভিতৰত ১,৪০০ লোকৰ মৃত্যু হোৱা বুলি ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছিল। লগতে উক্ত আন্দোলনত হাজাৰ হাজাৰ লোকো আহত হৈছিল।ALSO READ: PM-KISANৰ ২১নং কিস্তিৰ ধন যদি পোৱা নাই এতিয়াই কল কৰক এই নম্বৰত...উক্ত ঘটনাই এনে ৰূপ ধাৰণ কৰে যে অৱশেষত দেশ এৰি পলায়ন কৰিবলগীয়া হয় শ্বেখ হাছিনাই। প্ৰতিবাদকাৰীৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ হেলিকপ্টাৰেৰে ঢাকাৰ পৰা ভাৰতলৈ পলাই আহে হাছিনা।VIDEO | Visuals of Sheikh Hasina leaving Bangladesh in a helicopter shortly after resigning as PM, amid massive protests against her government that has killed more than 106 people since Sunday. pic.twitter.com/s64om4nhI7 — Press Trust of India (@PTI_News) August 5, 2024লগে লগে ২০২৪ৰ ছাত্ৰ আন্দোলনত হোৱা হত্যাৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। পৰৱৰ্তী পৰ্যায়ত বাংলাদেশত গঠিত অন্তৱৰ্তীকালীন চৰকাৰেও হাছিনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি দেশখনৰ জনতাক আশ্বস্ত কৰে। উল্লেখ্য যে হাছিনা আৰু তেওঁৰ সহযোগী প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজজামান খানৰ বিৰুদ্ধে ২০২৪ৰ ছাত্ৰ আন্দোলনক লৈয়ে কেইবাটাও অভিযোগ উত্থাপন হয়। অভিযোগ অনুসৰি হাছিনাই উচটনিমূলক ভাষণ প্ৰদান কৰা। প্ৰতিবাদকাৰীক দমন আৰু নিৰ্মূল কৰিবলৈ মাৰাত্মক অস্ত্ৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়া। ৰংপুৰৰ বেগম ৰকেয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ আবু ছায়েদক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিয়া। ২০২৪ চনৰ ১৬ জুলাইত বেগম ৰকেয়া বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ আবু ছায়েদক গুলীয়াই হত্যা কৰাৰ অভিযোগত হাছিনাক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছে। লগতে ঢাকাৰ চানখৰপুল অঞ্চলত ৬জন প্ৰতিবাদকাৰীক গুলীয়াই হত্যা আৰু ২০২৪ চনৰ ৫ আগষ্টত ৬জন লোকক গুলীয়াই হত্যা কৰি ৫জনৰ মৃতদেহ জ্বলাই দিয়াৰ লগতে এজন ব্যক্তিক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হয়।VIDEO | Dhaka, Bangladesh: Families and protesters rally outside the tribunal demanding the death penalty for former Bangladesh PM Sheikh Hasina.#Dhaka#Bangladesh#SheikhHasina(Full video available on PTI Videos – https://t.co/n147TvrpG7) pic.twitter.com/hhqPAGAR0T — Press Trust of India (@PTI_News) November 17, 2025উল্লেখ্য যে হাছিনাৰ নিৰ্দেশতে প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণ কৰা বুলি প্ৰমাণিত হয়। ৬জনকৈ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যাৰ নিৰ্দেশ দিয়া বুলি প্ৰমাণিত হোৱাত এয়া মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি গণ্য কৰি হাছিনাক দোষী সাব্যস্ত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দিলে মৃত্যুদণ্ডৰ ৰায়।AdvertismentAdvertisment Read the Next Article