AssamesePM-KISANৰ ২১নং কিস্তিৰ ধন যদি পোৱা নাই এতিয়াই কল কৰক এই নম্বৰত...মুকলি হ'ল PM KISANৰ ২১ সংখ্যক কিস্তিৰ ধন। একাউণ্টত যদি ধন জমা হোৱা নাই এতিয়াই দিয়ক অভিযোগ। তামিলনাডুৰ কইম্বাটুৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ ১৯ নৱেম্বৰত মুকলি কৰিলে PM-KISANৰ ২১নং কিস্তিৰ ধন।Naba Gogoi Nov 19, 2025 17:27 ISTমুকলি হ'ল PM-KISANৰ ২১ সংখ্যক কিস্তিৰ ধনএকাউণ্টত যদি ধন জমা হোৱা নাই এতিয়াই দিয়ক অভিযোগগুৱাহাটী, ১৯ নৱেম্বৰঃ দেশৰ কোটি কোটি কৃষকৰ অপেক্ষাৰ অন্ত পৰিল। আজি অৰ্থাৎ ১৯ নৱেম্বৰত কোটি কোটি কৃষকৰ একাউণ্টত জমা হ'ল প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২১ সংখ্যক কিস্তিৰ ধন। সমগ্ৰ দেশৰ কৃষকৰ একাউণ্টলৈ ২১ সংখ্যক কিস্তিৰ ধন মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তামিলনাডুৰ কইম্বাটুৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৯ নৱেম্বৰত PM-KISANৰ ২১নং কিস্তিৰ ধন পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ মুকলি কৰি দিয়ে।AdvertismentVIDEO | Coimbatore: Prime Minister Narendra Modi (@narendramodi) releases the 21st instalment of the PM-KISAN Samman Nidhi Yojana, disbursing over Rs 18,000 crore to support nearly 9 crore farmers across the country.(Source: Third Party)(Full video available on PTI Videos -… pic.twitter.com/dACxvqzVHe — Press Trust of India (@PTI_News) November 19, 2025 উল্লেখ্য যে DBTৰ ব্যৱস্থাৰ জৰিয়তে প্ৰায় ১৮,০০০ কোটি টকা বিতৰণ কৰা হৈছে কৃষকসকলক। দেশৰ ৯ কোটিৰো অধিক কৃষকলৈ প্ৰেৰণ কৰা হৈছে PM-KISANৰ ২১ সংখ্যক কিস্তিৰ ধন। ইতিমধ্যে কৃষকসকলে মোবাইলত মেছেজৰ জৰিয়তে ২,০০০কৈ জমা হোৱাৰ খবৰ লাভ কৰিছে। কিন্তু আপুনি প্ৰধানমন্ত্ৰী কিষাণ যোজনা আচঁনিৰ হিতাধিকাৰী হোৱাৰ পিছতো আপোনালৈ ধন লাভৰ মেছেজ যদি অহা নাই, বা আপোনাৰ একাউণ্টত ধন জমা হোৱা নাই তেন্তে আপুনি এতিয়াই অভিযোগ দাখিল কৰক। ALSO READ: ২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশআপুনি অভিযোগ দাখিল কৰাৰ পূৰ্বে PM Kisanৰ ২১নং কিস্তিৰ ধনৰ স্থিতি পৰীক্ষা কৰক। আপোনাৰ হাতত থকা স্মাৰ্ট ফোনত pmkisan.gov.in ছাৰ্চ কৰক। অফিচিয়েল PM-KISAN পৰ্টেলে আপোনাৰ পেমেণ্টৰ স্থিতিৰ বিষয়ে জানিবলৈ দিয়ে। গতিকে শীঘ্ৰেই অফিচিয়েল ৱেবছাইট pmkisan.gov.in ছাৰ্চ কৰি হোমপেজত Know Your Statusত ক্লিক কৰক। ইয়াৰ পিছতে আপোনাৰ আধাৰ নম্বৰ, PM-KISAN আইডি বা পঞ্জীয়নভুক্ত মোবাইল নম্বৰ প্ৰদান কৰক। কেপচা ক'ড প্ৰদান কৰি Get Statusত ক্লিক কৰক। ইয়াৰ লগে লগে আপোনাৰ একাউণ্টত ২১নং কিস্তিৰ ধন জমা হৈছে নে নাই বা বদলিৰ তাৰিখ আৰু আপোনাৰ হিতাধিকাৰীৰ অৱস্থা কি সেয়া আপুনি চাব বা জানিব পাৰিব। ALSO READ: ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰযদি ইয়াৰ পিছতো আপোনাৰ একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২১ সংখ্যক কিস্তিৰ ধন জমা হোৱা নাই তেন্তে এতিয়াই কল কৰক ১৮০০-১৮০-১৫৫১ নম্বৰত বা হেল্পলাইন নম্বৰ ০১১-২৩৩৮১০৯২ নম্বৰত। যদি আপুনি এজন হিতাধিকাৰী বা পূৰ্বৰে পৰা ২,০০০ কৈ পাই আহিছে তেন্তে ২১ সংখ্যক কিস্তিৰো ধন আপোনাৰ একাউণ্টত জমা হ'ব। কিন্তু যদিহে এতিয়াও ধন অহা নাই তেন্তে পলম নকৰি ১৮০০-১৮০-১৫৫১ নম্বৰত বা হেল্পলাইন নম্বৰ ০১১-২৩৩৮১০৯২ নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। সমান্তৰালকৈ আপুনি আপোনাৰ অভিযোগ ইমেইলৰ জৰিয়তেও [email protected]লৈ প্ৰেৰণ কৰিব পাৰে।AdvertismentAdvertisment Read the Next Article