Assameseআজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন।PMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। হিতাধিকাৰী তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব ২,০০০কৈ টকা। গতিকে PMKISANৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই, কেনেকৈ চাব আপুনি?Mrinmoy Talukdar Nov 19, 2025 13:39 ISTFilephotoআজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধনPMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। হিতাধিকাৰী তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব ২,০০০কৈ টকা। গতিকে PMKISANৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই, কেনেকৈ চাব আপুনি?Advertismentআৰু কেইটামান ঘণ্টা। তাৰ পাছতেই দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। PMKISANৰ কোটি কোটি হিতাধিকাৰী কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। আজিৰে পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PMKISANৰ ২১নং কিস্তিৰ ২,০০০কৈ টকা। আজি ১:৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব কিষাণ সন্মান নিধিৰ ২১ সংখ্যক কিস্তি। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল হিতাধিকাৰী তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব PMKISANৰ ২১নং কিস্তিৰ ধন। এটা ভুলৰ বাবে আপুনিও নাপাব পাৰে PMKISANৰ ২১নং কিস্তিৰ ধন। ২১নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক e-KYC। বাধ্যতামূলক e-KYC নকৰাসকল বঞ্চিত হ’ব পাৰে চৰকাৰী ধন লাভৰ পৰা। লগতে PMKISANৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি কেনেদৰে পৰীক্ষা কৰিব? হিতাধিকাৰী তালিকাত আপোনাৰ নাম পৰীক্ষা কৰিবলৈ আপুনি প্ৰথমতে অফিচিয়েল pmkisan.gov.in ৱেবছাইটত যাব লাগিব। তাত আপুনি “Beneficiary Status” অপশ্ব্যন দেখিব। “Beneficiary Status” অপশ্ব্যনত যোৱাৰ পাছত আপুনি আপোনাৰ ৰাজ্য, আপোনাৰ জিলা, আপোনাৰ গাঁও বাছনি কৰিব লাগিব। অৱশেষত আপুনি আপোনাৰ ৰাজ্য, জিলা, গাঁও বাছনি কৰাৰ পাছত হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি পৰীক্ষা কৰিব পাৰিব।AdvertismentAdvertisment Read the Next Article