Advertisment

২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰ

প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিছে টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। দ্বিতীয়খন টেষ্টৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল।

 Filephoto
Filephoto

২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰ

প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিছে টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। দ্বিতীয়খন টেষ্টৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল। 

Advertisment

পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী হ’ব টেষ্ট মেচৰ ভেন্যু। ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট। আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল। দুপৰীয়া ২.৪৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব দুয়োটা দল। শৃংখলাৰ প্ৰথমখন টেষ্টত পৰাজয়ৰ পাছত বৰ্ষাপাৰাৰ টেষ্টখন হ'ব টীম ইণ্ডিয়াৰ বাবে আত্মসন্মান ৰক্ষাৰ যুঁজ। বৰ্ষাপাৰাৰ টেষ্টত পৰাজয় মানেই আন এটা ঘৰুৱা শৃংখলা হেৰুৱাব টীম ইণ্ডিয়াই। বৰ্ষাপাৰাত বিজয় সাব্যস্ত কৰি শৃংখলাত সমতাৰ স্থাপনৰ লক্ষ্য ভাৰতৰ। 

দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ ইডেন গাৰ্ডেন টেষ্টত প্ৰথম ইনিংছতে আঘাতৰ বাবে খেলপথাৰ এৰিবলগীয়া হৈছিল অধিনায়ক শুভমন গিলে। তাৰ মাজতেই মাজতে ক্ৰিকেট অনুৰাগীলৈ আহিছে এক বেয়া খবৰ। বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্টৰ পৰাও বাহিৰ হ'ব পাৰে শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব উপ-অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে। 

আনহাতে বৰ্ষাপাৰাত হ’বলগা এই মেচখনত এক ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। যদি এই পৰিৱৰ্তন ঘটে, তেতিয়াহ’লে টেষ্ট ক্ৰিকেটত পূৰ্বে নোহোৱা এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যাব বৰ্ষাপাৰাতে।
এই পৰিৱৰ্তনটো এনেকুৱা-
টছ, দুপৰীয়াৰ আহাৰ, চাহ বিৰতি, ষ্টাম্প -এয়াই হৈছে টেষ্ট ক্ৰিকেটৰ নিয়ম। পিছে বৰ্ষাপাৰাত হ’বলগীয়া দ্বিতীয় টেষ্টত এই ক্ৰম সলনি হ’ব। এই মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বেই চাহ বিৰতি হ’ব পাৰে। ভাৰতৰ টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখিবলৈ পোৱা যাব।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি প্ৰথমবাৰৰ বাবে খেলুৱৈসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহ বিৰতি ল’ব। এই অঞ্চলত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় পৰিৱৰ্তনৰ বাবে এই সিদ্ধান্ত লোৱা হ’ব পাৰে। সেই অনুসৰি পুৱা ৯ বজাৰ পৰা ১১ বজালৈ প্ৰথম ছেচন, ইয়াৰ পিছত পুৱা ১১ বজাৰ পৰা ১১:২০ বজালৈ চাহ বিৰতি হ’ব।
দ্বিতীয় ছেচন পুৱা ১১:২০ বজাৰ পৰা ১:২০ বজালৈ হ’ব। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি ১:২০ বজাৰ পৰা ২:০০ বজালৈ হ’ব, আনহাতে তৃতীয় ছেচন দুপৰীয়া ২:০০ বজাৰ পৰা ৪:০০ বজালৈ হ’ব। অৰ্থাৎ বৰ্ষাপাৰাত হ’বলগা ভাৰত–দক্ষিণ আফ্ৰিকাৰ এই মেচখন পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিয়লি ৪:০০ বজাত অন্ত পৰিব।
ভাৰতত সাধাৰণতে পুৱা ৯:৩০ বজাৰ পৰা টেষ্ট মেচ আৰম্ভ হয়। ইয়াৰ পিছত পুৱা ১১:৩০ বজাৰ পৰা ১২:১০ বজালৈ আহাৰ গ্ৰহণৰ বিৰতি আৰু তাৰ পিছত দ্বিতীয় ছেচন আৰম্ভ হয়। দুয়োটা দলে দুপৰীয়া ২:১০ৰ পৰা ২:৩০ বজালৈ ২০ মিনিটৰ চাহৰ বিৰতি লয়। ইয়াৰ পিছতে বিয়লি ২:৩০ বজাৰ পৰা ৪:৩০ বজালৈ তৃতীয় ছেচন অনুষ্ঠিত হয়।

Advertisment
Advertisment