Assamese২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি নতুন বছৰত বিভিন্ন ৰাজ্যিক দিৱস, ধৰ্মীয় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষে অসম চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।Jyotiprasad Sarma Nov 19, 2025 15:55 IST২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ Photograph: (DY365)২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশকোন মাহত কিমান দিন বন্ধ?২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি নতুন বছৰত বিভিন্ন ৰাজ্যিক দিৱস, ধৰ্মীয় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষে অসম চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। নববৰ্ষত কোন মাহত কিমান দিন চৰকাৰী কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব? চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি সকলো তথ্য তলত উল্লেখ কৰা হ'ল। Advertismentজানুৱাৰীঃবছৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰী মাহত ৬ দিন চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। ১৪ আৰু ১৫ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা উপলক্ষে দুদিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইফালে ২৩ জানুৱাৰীত নেতাজীৰ জন্ম দিৱস, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস, ২৭ জানুৱাৰীত বাথৌ পূজা আৰু ৩১ জানুৱাৰীত মে-দাম-মে-ফি উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। এই ৬টা দিনত চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰিব বন্ধ। ফেব্ৰুৱাৰীঃ১ ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱসৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।মাৰ্চঃমাৰ্চ মাহত দুদিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। ৩ মাৰ্চত দৌল যাত্ৰা আৰু ২১ মাৰ্চত ঈদ-উল-ফিটৰ উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ।এপ্ৰিলঃএপ্ৰিল মাহত ব'হাগ বিহুৰ বন্ধকে ধৰি কেইবাটাও বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। ৩ এপ্ৰিলত গুড ফ্ৰাইডে’, ১৪ৰ পৰা ১৬ এপ্ৰিললৈ ব’হাগ বিহুৰ বাবে বন্ধ থাকিব সকলো কাৰ্যালয়। ইফালে ১৮ এপ্ৰিলত দামোদৰদেৱৰ তিথি, ২১ এপ্ৰিলত সতী সাধনী দিৱস।মে’১ মে’ত শ্ৰমিক দিৱস আৰু বুদ্ধ পূৰ্ণিমা। ২৭ মে’ত ঈদ-উজ-জোহা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।জুনঃ১ জুনত মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিৰ বাবে বন্ধ থাকিব সকলো কাৰ্যালয়।আগষ্টঃ১৫ আগষ্টত স্বাধীনতা দিৱসৰ বাবে বন্ধ থাকিব।Also Read:২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰছেপ্টেম্বৰঃছেপ্টেম্বৰ মাহত কেইবাটাও বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। ১ ছেপ্টেম্বৰত মাধৱদেৱৰ তিৰোভাৱ তিথি, ৪ ছেপ্টেম্বৰত জন্মাষ্টমী, ১২ ছেপ্টেম্বৰত শংকৰদেৱৰ তিৰোভাৱ তিথি, ২১ ছেপ্টেম্বৰত শংকৰ জন্মোৎসৱ আৰু ২২ ছেপ্টেম্বৰত কৰম পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।অক্টোবৰঃ২ অক্টোবৰত গান্ধী জয়ন্তী, ১৮ অক্টোবৰত কাতি বিহু আৰু দুৰ্গা পূজা আৰম্ভ। ১৯ৰ পৰা ২১ অক্টোবৰলৈ দুৰ্গা পূজাৰ বাবে বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। নৱেম্বৰঃ৮ নৱেম্বৰত কালী পূজা আৰু দীপাৱলী, ১১ নৱেম্বৰত ভাতৃ দ্বিতীয়া, ১৫ নৱেম্বৰত ষট পূজা আৰু ২৪ নৱেম্বৰত গুৰু নানকৰ জন্মদিন আৰু লাচিত দিৱসৰ বাবে বন্ধ। ডিচেম্বৰঃ২ ডিচেম্বৰত চ্যুকাফা দিৱসৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। ২৫ ডিচেম্বৰত বৰদিনৰ বাবে বন্ধ।AdvertismentAdvertisment Read the Next Article