Advertisment

আজি কাতি বিহু

কাতি বিহু বা কঙালী অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আজি কাতি বিহু। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় কাতি বিহু।

 আজি কাতি বিহু Photograph: (DY365)
আজি কাতি বিহু Photograph: (DY365)

‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।’’


আজি কাতি বিহু

কাতি বিহু বা কঙালী অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আজি কাতি বিহু। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় কাতি বিহু। এই দিনটো অসমীয়া লোক সমাজে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে কাতি বিহু হিচাপে। আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা এই কাতি বিহুৰ সৈতে সাঙোৰ খাই আছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে জড়িত হৈ আছে ।

Advertisment

বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ যদিও অসমবাসীয়ে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ পালন কৰে। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰ সন্মুখীন হয় কৃষক ৰাইজ। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

Also Read: কাইলৈ ধনতেৰাছ, এইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ

এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গাই পূজা-অৰ্চনা কৰে। চোতালৰ আগত বা ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তুলসী-ভেটি সাজে। তুলসীৰ পুলি ৰুই ভেটিটো মচি-কাচি পৰিস্কাৰ কৰি চাকি-বন্তি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, হাঁহ-ছাগলীৰ গঁড়ালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়। খেতিপথাৰত শস্যৰ মংগল কামনা কৰি চাকি জ্বলাই। চাকি জ্বলাই খেতি ভালদৰে হ’বলৈ তথা সকলোৰে ঘৰ যাতে শস্যৰে উভৈনদী হৈ পৰে তাৰ কামনা কৰে। ঠাই বিশেষে এই বিহুৰ সন্ধিয়া খেতি পথাৰ আৰু পদুলিমুখত আকাশ বন্তিও জ্বলোৱা হয়। আধ্যাত্মিক নীতি-নিয়মেৰে মাহ-প্ৰসাদৰ শৰাই নিবেদন কৰি চাকি-বন্তি জ্বলোৱা হয়। ধূপ-ধূনাৰ সুবাস বিয়পি থাকে বতাহত। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে গাঁৱৰ আকশ-বতাহ। ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীয়ে তুলসী তলত নাম গাই আৰু প্ৰসাদ গ্ৰহণ কৰে৷

Also Read: ৰাজ্যজুৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কাতি বিহু কঙালী যদিও বিহুৰ দিনটোত আপোনজনৰ ঘৰ ধনে-ধানে উপচি পৰিবলৈ ইজনে-সিজনক শুভেচ্ছা জনায়। ধৰ্মীয় ৰীতি-নীতিৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়।

এই কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহটোত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায়। জনবিশ্বাসমতে এনে কৰিলে চহা কৃষকৰ মনৰ কামনা পূৰ্ণ হয়। কাতি বিহু উপলক্ষে অসমৰ প্ৰতিঘৰে ঘৰ-দুৱাৰ, আলি-পদূলি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে। লোক বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, চোতাল-পদূলি চাফা হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।