Assameseকাইলৈ ধনতেৰাছ, এইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদধনতেৰাছত মাটি-বাৰী, গাড়ী-গহনা ক্ৰয় কৰাৰ শুভ সময় কেতিয়া? ধনতেৰাছৰ বিশেষ নক্ষত্ৰমণ্ডল কেতিয়া হয়? ধনতেৰাছত কি কি সামগ্ৰী কিনিলে পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ?Naba Gogoi Oct 17, 2025 20:51 ISTএইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ Photograph: (FILE) 1/6আহি পালে ধনতেৰাছ ২০২৫ৰ শুভ ক্ষণ। কাইলৈ ধনতেৰাছ। ধনতেৰাছৰ দিনা কিছু সামগ্ৰী ক্ৰয় কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষটোৰ বাবে লাভ কৰা হয়। ধনতেৰাছত ঘৰলৈ কিনি আনক এইকেইটা সামগ্ৰী, সদায় পাব মা লক্ষ্মীৰ আশীৰ্বাদ। 2/6ধনতেৰাছৰ সময়ত মাটি, ঘৰ বা গাড়ী, সোণ আদি ডাঙৰ বস্তু কিনাৰ বাবে কিছুমান বিশেষ মুহূৰ্ত শুভ বুলি বিবেচিত হয়। জ্যোতিষীৰ মতে এনে স্থাৱৰ সম্পত্তি বা যান-বাহনৰ বাবে নিৰ্দিষ্ট লগ্ন আৰু কিছুমান তৰাৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। বহুতেই ধনতেৰাছৰ দিনটোত মাটি-বাৰী, ঘৰ, গাড়ী সোণ ক্ৰয় কৰে। কিন্তু এইবোৰ কিনিবলৈ নিৰ্দিষ্ট এক শুভ মুহূৰ্তও আছে। ধনতেৰাছত এইবাৰ ক্ৰয় কৰিবলৈ কেতিয়া আহে সেই শুভ ক্ষণ? 3/6এই বৰ্ষৰ ধনতেৰাছ দুটা দিনত পালন কৰা হ'ব। ২০২৫ৰ ধনতেৰাছ ১৮ অক্টোবৰ শনিবাৰ আৰু ১৯ অক্টোবৰ দেওবাৰে পালন কৰা হ'ব। ১৮ অক্টোবৰৰ দিনা ধনতেৰাছত লক্ষ্মী আৰু কুবেৰ পূজাৰ মূল শুভ সময় সন্ধিয়া ৭:১৬ বজাৰ পৰা নিশা ৮:২০ বজালৈ।Advertisment 4/6সোণ, ৰূপ বা বাচন-বৰ্তনৰ দৰে ধন ক্ৰয়ৰ বাবে উত্তম সময় বা আটাইতকৈ শুভ মূহূৰ্ত বুলি গণ্য কৰা হয়। 5/6জ্যোতিষৰ মতে কাইলৈ মাটি, ঘৰ বা স্থাৱৰ সম্পত্তিৰ ক্ৰয় কৰিলে সেই সম্পত্তি দীৰ্ঘদিন পৰিয়ালত থাকিব। ১৮ অক্টোবৰৰ সন্ধিয়া বৃষ ৰাশি বা নিৰ্দিষ্ট লগ্ন সন্ধিয়া ৭:১৬ বজাৰ পৰা ৯:১১ বজালৈ হ’ব। 6/6ধনতেৰাছৰ দিনা বহুতে সোণৰ আ-অলংকাৰ ক্ৰয় কৰিব নোৱাৰে। ফলত বহুতে তিল আৰি ঝাড়ু ক্ৰয় কৰি ঘৰলৈ লৈ আহে। তাৰ পৰাও বহুতে লাভ কৰে সিদ্ধি। Read the Next Article