Advertisment

ৰাজ্যজুৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যজুৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। বাক্সাত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা, সংবাদ প্ৰতিষ্ঠানৰ বাহন জ্বলাই দিয়াৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

 ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ Photograph: (DY365)
ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ Photograph: (DY365)

সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী


ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ


ৰাজ্যজুৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। বাক্সাত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা, সংবাদ প্ৰতিষ্ঠানৰ বাহন জ্বলাই দিয়াৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী। 

Advertisment

বাক্সাৰ মুছলপুৰৰ নিকাছি কাৰাগাৰৰ সমীপত বুধবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজত একাংশ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল সাংবাদিক। সংবাদ মাধ্যমৰ কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল একাংশ দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় DY365ৰ সাংবাদিকৰ লগতে অন্য প্ৰতিষ্ঠানৰ সাংবাদিকো। উত্তেজিত লোকৰ শিলাবৰ্ষণত আহত হয় কেইবাজনো সাংবাদিক। ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগা হয় সাংবাদিক। একাংশ উত্তেজিত লোকে ঘেৰি ধৰি আক্ৰমণ কৰে সাংবাদিকক। অৱশ্যে স্থানীয় একাংশ লোকে ভয়ংকৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰে সাংবাদিকসকলক। একাংশ উত্তেজিত লোকে জ্বলাই দিয়ে DY365ৰ বাহন। মুছলপুৰলৈ বাতৰি সংগ্ৰহৰ বাবে গৈ থকা DY365ৰ বাহনত অগ্নিসংযোগ কৰে একাংশ দুৰ্বৃত্তই। 

লগতে পঢ়কঃ মন্ত্ৰী হ'ব BPFৰ চৰণ বড়ো। কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অসম বাৰ্তাজীৱী সংঘই আজি ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কামৰূপৰ আমিনগাঁৱত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। বাক্সাৰ ঘটনাক গৰিহণা দিয়ে অসম বাৰ্তাজীৱী সংঘই। জুবিন গাৰ্গক ন্যায় প্ৰদান আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। 

লগতে পঢ়কঃ জুবিনক ন্যায় দিবলৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ

দৰঙৰ মঙলদৈত সাংবাদিক সকলে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট। অসম বাৰ্তাজীৱী সংঘৰ আহ্বানত দৰং জিলা বাৰ্তাজীৱী সংঘই বিভিন্ন দল-সংগঠনৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সাংবাদিক সকলক সুৰক্ষা প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু শীঘ্ৰে সাংবাদিকৰ সুৰক্ষাৰ বাবে আইন প্ৰনয়ণ কৰিব লাগে বুলি দাবী কৰে সদৌ অসম বাৰ্তাজীৱী সংঘৰ সম্পাদকগৰাকীয়ে। জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে শ্ৰীৰামপুৰ জাৰ্নেলিষ্ট এছ'ছিয়েচনৰ উদ্যোগত সংবাদকৰ্মী সকলে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰ লগতে বাক্সাৰ নিকাছীত বুধবাৰে কৰ্তব্যৰত সাংবাদিকক কৰা আক্ৰমণৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ।  

লগতে পঢ়কঃ মন্ত্ৰী হ'ব BPFৰ চৰণ বড়ো। কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

ধুবুৰীতো অসম বার্তাজীৱী সংঘৰ ধুবুৰী জিলা সমিতিয়ে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংবাদকৰ্মীয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ দাবী আৰু বাক্সাত সাংবাদিকৰ ওপৰত কৰা আক্ৰমণ, সংবাদ প্ৰতিষ্ঠানৰ বাহন জ্বলাই দিয়াৰ বিৰোধিতাৰে আজি জিলা বার্তাজীৱী সংঘই কৰে অৱস্থান ধৰ্মঘট। এই কাৰ্যসূচীত নেতাই ধুবুনী প্ৰেছ ক্লাৱৰ সংবাদকৰ্মীৰ লগতে জিলা উকীল সন্থাই অংশগ্ৰহণ কৰে।