Assameseসমাগত দুৰ্গা পূজা, উজনিত চলিছে কাপোৰৰ অবৈধ বেহা!সমাগত দুৰ্গা পূজা। তাৰ পূৰ্বে কৰবিহীন কাপোৰৰ ব্যৱসায়ত নামি পৰিছে এটা চক্ৰ। ৰে'লেৰে সৰবৰাহ কৰা হৈছে বহিঃৰাজ্যৰ পৰা অনা কৰবিহীন কাপোৰ। আৰক্ষী আৰু শুল্ক বিভাগৰ চকুত ধূলি দি ৰমৰমীয়া বেহা চলাইছে এটা চক্ৰই।DY365 Sep 10, 2025 22:26 ISTFile Photoসমাগত দুৰ্গা পূজা। তাৰ পূৰ্বে কৰবিহীন কাপোৰৰ ব্যৱসায়ত নামি পৰিছে এটা চক্ৰ।Advertismentৰে'লেৰে সৰবৰাহ কৰা হৈছে বহিঃৰাজ্যৰ পৰা অনা কৰবিহীন কাপোৰ। আৰক্ষী আৰু শুল্ক বিভাগৰ চকুত ধূলি দি ৰমৰমীয়া বেহা চলাইছে এটা চক্ৰই। ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনৰ জৰিয়তে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মৰিয়নি পৰ্যন্ত সৰবৰাহ হয় কৰবিহীন কাপোৰ। বিশেষকৈ তিনিচুকীয়াৰ কেইজনমান অসাধু ব্যৱসায়ীৰ নেতৃত্বত চলি আছে কাপোৰৰ এই অবৈধ ব্যৱসায় । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে বহিঃৰাজ্যৰ পৰা ৰে'লেৰে কঢ়িয়াই অনা চালানবিহীন বৃহৎ পৰিমানৰ কাপোৰ তিনিচুকীয়াত জব্দ কৰিছিল আৰক্ষীয়ে। তিনিচুকীয়া আৰক্ষীসহ বিভাগীয় কৰ্তৃপক্ষৰ ৰঙা চকুত সেও মানি এতিয়া দুষ্ট চক্ৰই ডিব্ৰুগড় বাণীপূৰ আৰু ধমল গাঁও ৰে'লৱে ষ্টেচনক লক্ষ্য কৰি লৈছে। ডিব্ৰুগড় বাণীপুৰ ৰে'লৱে ষ্টেচনত ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ জৰিয়তে দুটা ডবা ভৰ্তি কৰি পুনৰ অনা হৈছে বৃহৎ পৰিমাণৰ কাপোৰ। এটা বনিক গোষ্ঠীয়ে উৎসৱ-পাৰ্বন আহিলেই অবৈধভাৱে এনেদৰে কাপোৰৰ ব্যৱসায় কৰি আহিছে যদিও চকুমুদা কুলিৰ ভাওত সংশ্লিষ্ট কৰ্তৃপক্ষ। কৰ ফাঁকিৰে চলাই অহা কাপোৰৰ ব্যৱসায়ীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে জাতি জনগোষ্ঠীয় ঐক্য মঞ্চই।ইফালে দুটা ডবাত অনা বৃহৎ পৰিমাণৰ সামগ্ৰী সমূহৰ ওপৰত DKC, GSK, MANUJ, DK GUPTA, SCS, SMIT, MS MONI, RB, HRD, SP GUPTA ইত্যাদি লিখাৰ লগতে সকলোতে TSK লিখা আছিল। ইয়াৰ দ্বাৰাই বুজা গৈছে যে সকলো সামগ্ৰী তিনিচুকীয়ালৈ বুলি অনা হৈছে। কৰ ফাঁকিৰে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ সামগ্ৰী কৰ বিভাগ আৰু গাভৰুপথাৰ আৰক্ষীসহ ৰে'ল আৰক্ষীক খবৰ দিয়াৰ পাছত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। এনে পৰিস্থিতিত প্ৰশ্ন হৈছে এই অসাধু চক্ৰটোৱে আৰক্ষী, ৰে'লৱে আৰক্ষী, শুল্ক বিভাগক মেনেজ কৰি চলাইছে নেকি এই ৰমৰমীয়া বেহা? ৰে'লৱে ষ্টেচনৰ পৰা বস্তাই বস্তাই সামগ্ৰী সৰবৰাহৰ পিছটো সংশ্লিষ্ট পক্ষৰ নিৰৱতাক লৈ সৃষ্টি হৈছে এতিয়া সন্দেহৰ। Read the Next Article