Assameseবাক্সাৰ ভয়ংকৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ- DGPবুধবাৰে বাক্সাৰ নিকাছিত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল প্ৰচণ্ড হতাহতি। তাৰ মাজতেই DGPৰ চাঞ্চল্যকৰ মন্তব্য- বাক্সাৰ নিকাছিৰ এই ঘটনাত জড়িত আছিল তৃতীয় পক্ষ।Mrinmoy Talukdar Oct 16, 2025 12:48 ISTFilephotoবাক্সাৰ ভয়ংকৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ- DGPবুধবাৰে বাক্সাৰ নিকাছিত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত দেখিবলৈ পোৱা হৈছিল প্ৰচণ্ড হতাহতি। প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰিছিল লাঠীচালনা, শূণ্যলৈ গুলীচালনা। তাৰ মাজতেই DGPৰ চাঞ্চল্যকৰ মন্তব্য- বাক্সাৰ নিকাছিৰ এই ঘটনাত জড়িত আছিল তৃতীয় পক্ষ।AdvertismentSITৰ জিম্মাৰ ম্যাদ উকলাৰ পাছত বুধবাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সহিতে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৫ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মাত লোৱা হৈছিল। ইয়াৰ পাছতে ৫ অভিযুক্তক প্ৰেৰণ কৰা হৈছিল বাক্সা জিলাৰ নৱনিৰ্মিত কাৰাগাৰলৈ। ৫ অভিযুক্তক বাক্সা জিলাৰ কাৰাগাৰলৈ নিয়াৰ পাছতে মুছলপুৰত সৃষ্টি হয় অগ্নিগৰ্ভা পৰিস্থিতিৰ। কাৰাগাৰৰ সন্মুখত উত্তেজিত লোকে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। অভিযুক্তক কঢ়িয়াই নিয়া বাহনলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰতিবাদকাৰীয়ে। উত্তেজিত ৰাইজে জ্বলাই দিছিল আৰক্ষীৰ বাহন। আৰক্ষীলৈ লক্ষ্য কৰি কৰা শিলাবৰ্ষণত আঘাতপ্ৰাপ্ত হৈছিল কেইবাগৰাকীও আৰক্ষী। এটা সময়ত প্ৰতিবাদে লৈছিল হিংসাত্মক ৰূপ। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ প্ৰথমে লাঠীচালনা কৰে আৰক্ষীয়ে। আৰক্ষীৰ লাঠীচালনাৰ পিছতেই অধিক উগ্ৰ হয় আন্দোলনকাৰী। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় দুজনকৈ যুৱক। হিংসাত্মক পৰিস্থিতিৰ পিছতে সান্ধ্য আইন জাৰি বাক্সা প্ৰশাসনৰ। কাৰাগাৰৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত ৫ জনৰ অধিক সমৱেত হোৱাত বাধা প্ৰদানৰ লগতে লাঠী, ডেগাৰ, শিল আদি কঢ়িওৱাতো নিষেধাজ্ঞা আৰোপ কৰা হয়। BNSৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে কাৰাগাৰৰ সমীপৱৰ্তী অঞ্চলত। জনসভাৰ আয়োজন, শ্ল’গান বৰ্ষণতো নিষেধাজ্ঞা জাৰি কৰাৰ পাছতে সংঘৰ্ষজৰ্জৰ নিকাছি, মুছলপুৰত এতিয়া প্ৰায় স্বাভাৱিক হৈছে পৰিস্থিতি। বাক্সাৰ এই ঘটনাৰ পাছতে DGPৰ চাঞ্চল্যকৰ মন্তব্য- 'বাক্সাৰ নিকাছিৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ। তৃতীয় পক্ষ জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাৰে জড়িত একাংশক চিনাক্ত কৰা হৈছে'। এই মন্তব্য DGP হৰমিত সিঙৰ। বুধবাৰে নিশাই বাক্সা জিলা কাৰাগাৰ পৰিদৰ্শন কৰিলে DGPয়ে। ঘটনাস্থলীত উপস্থিত আছিল BTRৰ IGP অখিলেখ সিং। প্ৰায় এঘণ্টাজোৰা বৈঠকত বহিল DGP, IGP প্ৰমুখ্যে আৰক্ষীৰ শীৰ্ষ বিষয়া। বৈঠকৰ অন্তত সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান DGPৰ। Read the Next Article