Assameseগুৱাহাটী মহানগৰীত শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনা।গুৱাহাটী মহানগৰীত শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনা। মহানগৰীত এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা ঘটিয়েই থাকে! মহানগৰী গুৱাহাটীত সংঘটিত এক লোমহৰ্ষক ঘটনাই জোকাৰি গ’ল গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য।Jyotiprasad Sarma Sep 30, 2025 12:26 ISTগুৱাহাটী মহানগৰীত শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনা।লোমহৰ্ষক, শিহৰণকাৰী হত্যাকাণ্ডস্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক!গুৱাহাটী মহানগৰীত শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনা। মহানগৰীত এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা ঘটিয়েই থাকে! মহানগৰী গুৱাহাটীত সংঘটিত এক লোমহৰ্ষক ঘটনাই জোকাৰি গ’ল গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য। যি ঘটনা শুনিলে কঁপি উঠিব আপোনাৰ বুকু, কঁপালত উঠিব চকু। স্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক। মহানগৰীৰ দক্ষিণগাঁৱৰ হাচিব পথত সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ড। মাজনিশা কুন্দৰ হৰী নামৰ এজন লোকে জীৱন্তে জ্বলাই দিলে পত্নীক। প্ৰথমে কুন্দৰ হৰীয়ে পত্নী অনুৰাধা দেৱীক ছুৰীৰে হানি-খুঁচি আক্ৰমণ কৰে। পিছত চিলিণ্ডাৰৰ পাইপ খুলি জ্বলাই দিয়ে পত্নীক। মদ্যপান কৰিবলৈ বাধা দিয়াৰ বাবেই কুন্দৰ হৰীয়ে মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰাৰ কথা উল্লেখ কৰে। টকা নিদিয়াৰ বাবেই প্ৰথমে দুয়োৰে মাজত হয় তৰ্কা-তৰ্কি, কাজিয়া। তাৰ পিছত চিলিণ্ডাৰৰ পাইপ খুলি স্বামী কুন্দৰ হৰীয়ে জ্বলাই দিয়ে পত্নীক। জুইত মহিলাগৰাকীৰ অৰ্ধঅংশ শৰীৰ জ্বলি যায়। তাৰ পিছতেই মহিলাগৰাকীৰ অৰ্ধদগ্ধ মৃতদেহ প্ৰেৰণ কৰা হয় GMCHলৈ। Advertismentঅভিযুক্ত স্বামী কুন্দৰ হৰীৰ বিস্ফোৰক স্বীকাৰোক্তিত প্ৰকাশ এই কথা। সংবাদমাধ্যমৰ আগত কুন্দৰ হৰীয়ে ক’লে কেনেকৈ সংঘটিত কৰিছিল শিহৰণকাৰী ঘটনা। সোমবাৰে নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই নিশাই ঘটনাস্থলীত উপস্থিত হয় মহানগৰীৰ হাতীগাঁও আৰক্ষী। ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ অভিযুক্ত কুন্দৰ হৰীক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইফালে এই লোমহৰ্ষক, ভয়ংকৰ কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হয়। মহানগৰীত অপৰাধমূলক ঘটনা এতিয়া যেন সহজ হৈ পৰিছে! অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নেকি গুৱাহাটী মহানগৰী? সততে এই প্ৰশ্নই উত্থাপন হয় সচেতন ৰাইজৰ মাজত। স্মাৰ্ট মহানগৰীত অপৰাধীয়ে যিকোনো অপৰাধমূলক কাৰ্য সংঘটিত কৰিবলৈ যেন কোনো ভয়, শংকা নকৰে! এনেবোৰ ঘটনাই যেন তাৰেই উদাহৰণ দাঙি ধৰে। দিনে-নিশাই স্মাৰ্ট পুলিচেৰে গিজগিজাই থকা মহানগৰীত যেন এতিয়া কোনো সুৰক্ষিত নহয়! স্বামীৰ হাতত পত্নীৰ প্ৰাণ যোৱা ঘটনাই যেন তাকেই ভাবিবলৈ বাধ্য কৰায়। Read the Next Article