Advertisment

নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাইঃ গৌৰৱ গগৈ

'নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাই'। 'এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা, এনে কাৰ্য গৰিহণাৰ যোগ্য'। বিজেপিক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ।

 নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাইঃ গৌৰৱ গগৈ

কেন্দ্ৰীয় চৰকাৰে 'অনুপ্ৰৱেশ আৰু বিদেশী আইন' সংশোধন কৰাক লৈ সৰৱ গৌৰৱ গগৈ। 

Advertisment

অসমলৈ বিদেশীক ৰঙা দলিচাৰ পাৰি দিয়াৰ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। 

গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক গৰিহণা দি কয় যে 'পশ্চিমবংগৰ নিৰ্বাচন আহিলে চৰকাৰে এনে পৰিৱেশৰ সূচনা কৰে'। 'পশ্চিমবংগৰ ভোট ল'বলৈ যাওঁতে অসমৰ বঙালীক বাংলাদেশী সজাই'। 'এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা, এনে কাৰ্য গৰিহণাৰ যোগ্য'। 'বিজেপিয়ে অসমৰ বঙালী সমাজৰ বিৰুদ্ধে কাম কৰিছে'। গৌৰৱ গগৈয়ে ইয়াৰ লগতে উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈক সাংবাদিকে প্ৰশ্ন কৰিলে যে- '১০ ছেপ্টেম্বৰ সমাগত'। উল্লেখ্য যে ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান লিংক অভিযোগৰ প্ৰতিবেদন ফাদিল হ'ব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈৰ আত্মবিশ্বাসী উত্তৰ- ১০ ছেপ্টেম্বৰত এখন ফ্লপ চিনেমা প্ৰকাশ পাব। এই চিনেমাত অসম আৰক্ষীক চৰকাৰে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিলে'। 

এই সন্দৰ্ভত কি কৈছিল গৌৰৱ গগৈয়ে? শুনক তলৰ লিংকত