AssameseBTRৰ নিৰ্বাচনক লৈ ৰৌতাত ভয়ংকৰ ঘটনা, আহত ৩ UPPL কৰ্মী।BTC নিৰ্বাচনক লৈ BTRত কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক সংঘাত। বিজেপিৰ পিছত এইবাৰ UPPLৰ কৰ্মীক টাৰ্গেট কৰি ল'লে দুৰ্বৃত্তই। নিৰ্বাচন কেন্দ্ৰিক সংঘাতত আহত ৩ UPPL কৰ্মী। Anindita Kataki Sep 13, 2025 13:20 ISTBTR নিৰ্বাচনত সংঘটিত ভয়ংকৰ ঘটনা Photograph: (FILE PHOTO)BTRৰ সমষ্টিয়ে সমষ্টিয়ে এতিয়া নিৰ্বাচনক লৈ উত্তেজনাময় পৰিৱেশ। প্ৰতিটো দলৰ নেতা কৰ্মী ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। তাৰ মাজতেই BTC নিৰ্বাচনক লৈ সংঘটিত হৈছে কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক সংঘাত। বিজেপিৰ পিছত এইবাৰ ইউপিপিএলৰ কৰ্মীক টাৰ্গেট কৰি ল'লে দুৰ্বৃত্তই। ৰৌতাতো সংঘটিত হয় প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনা।Advertismentৰৌতাত শুকুৰবাৰে নিশা ১০-৩০ মান বজাত ইউপিপিএলৰ কৰ্মীক বিপিএফৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনাত ৩ জন ইউ পিপিএল কৰ্মী আহত হোৱাৰ খবৰ। আহত ৩ জনৰ এজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হৈছে। ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰৌতা হাটখোলাত সংঘটিত হয় এই হিংসাত্মক ঘটনা।বালিচা গাঁৱৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই হাটখোলাৰ ইউ পিপিএল দ'লৰ ৰৌতা সমষ্টিৰ মুখ্য কাৰ্যালয় আহি থাকোঁতে হঠাৎ দুখন গাড়ীৰ ওপৰত আক্ৰমণ চলোৱাৰ এক অভিযোগ উত্থাপন হৈছে। যাৰ ফলত গাড়ী খনত থকা ৩ জনকৈ লোক আহত হয়। আহত সকলক প্ৰথমতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ যোৱা হয় আৰু তাৰে পৰা ইয়াৰে এজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হয়। আহত সকল নাম শংকল দৈমাৰী,খৰ্গেশ্বৰ দৈমাৰী আৰু অলংবাৰ দৈমাৰী। উল্লেখ্য যে, বৃহস্পতিবাৰে বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত গোৰেশ্বৰতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভা লৈ যোৱা বাছত দুৰ্বৃত্তৰ আক্ৰমণ চলাইছিল। দুৰ্বৃত্তই শিল দলিয়াই ভাঙি পেলাইছিল বাছখনৰ সন্মুখভাগৰ আইনা। গোৰেশ্বৰৰ গেৰুৱাত এই নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছিল। বৰঘূলিত মুখ্যমন্ত্ৰীৰ সভালৈ বাছেৰে কঢ়িয়াই নিছিল বিজেপিৰ কাৰ্যকৰ্তাসকলক। শিমলীবাৰীৰ পৰা ৮০জনকৈ বিজেপি কাৰ্যকৰ্তাক নিয়া হৈছিল বাছখনেৰে। বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ। Read the Next Article