Advertisment

ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী৷ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আছুই পালন কৰে প্ৰতিবাদী কাৰ্যসূচী।

 ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী Photograph: (DY365)
ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী Photograph: (DY365)

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী
ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী৷ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আছুই পালন কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটীৰ বিভিন্ন কলেজ, স্কুলৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত।  প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি উৎপল শৰ্মাই। 

Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত দীঘলীপুখুৰী পাৰত আছুৰ বিক্ষোভ কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্যত কয় যে, 'জুবিন গাৰ্গে ন্যায় পাব লাগিব, পানী নসৰকা তদন্ত হ'ব লাগিব। দোষীয়েকঠোৰতম শাস্তি পাব লাগিব। SITএ সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া চাৰ্জশ্বীট প্ৰস্তুত কৰক। তদন্ত প্ৰক্ৰিয়া ক্ষীপ্র হ'ব লাগিব'। 

ইফালে মৰমৰ শিল্পী জুবিন গাৰ্গক ন‍্যায় নিদিয়াপ্ৰৰ্যন্ত এই প্ৰতিবাদ অব‍্যাহত থাকিব উল্লেখ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিবলৈ অহাতো দূৰ্ভাগ‍্যজনক কথা বুলি উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে। উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে উৎপল শৰ্মাই।  

also read: বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত?

ৰাজ্যজুৰি জিলা সদৰত আছুই পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ধেমাজিতো আছুই ৰূপায়ণ কৰে অৱস্থান বিক্ষোভ কাৰ্যসূচী৷ ধেমাজিত দুই শতাধিক আছু কৰ্মীয়ে জুবিন গাৰ্গক ন্যায়ৰ দাবীত পালন কৰে প্ৰতিবাদী কাৰ্যসূচী৷ জুবিন গাৰ্গক ন্যায় দিবই লাগিব এয়া অসমৰ ৰাইজৰ দাবী৷ কোনো কাৰণতে ন্যায় বিচৰাৰ আন্দোলনৰ পৰা আছু আঁতৰি নাহে বুলি হুংকাৰ দিয়ে আছু কৰ্মীসকলে৷

ডিব্ৰুগড়তো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰে অৱস্থান বিক্ষোভ কাৰ্যসূচী। মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি মহানগৰৰ চৌকিডিঙ্গীত হাতে হাতে প্লে কাৰ্ডলৈ শতাধিক আছু কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। 

জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থায়ো ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী। বিশ্বনাথৰ ছহিদ ভৱনৰ সন্মুখত দুই ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত শতাধিক ছাত্ৰ কৰ্মীয়ে বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে।

সমগ্ৰ ৰাজ্য‌ৰ লগতে গোৱালপাৰাতো আছুৱে সব্যস্ত কৰে প্ৰতিবাদ। গোৱালপাৰা আছুৰ কাৰ্যালয়ৰ সন্মুখত জিলা ছাত্ৰ সন্থা‌ই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । এই বিক্ষোভ কাৰ্যসূচীত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ উচিত বিচাৰৰ দাবী উত্থাপন কৰে।

জুবিন গাৰ্গৰ ন্যায় বিচাৰি লখিমপুৰতো সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে। 

ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ণ কৰে।
 
চৰাইদেউৰ সোণাৰিতো আছুৱে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত দুই ঘণ্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰে আছু কৰ্মীয়ে। দুই শতাধিক ছাত্ৰ কৰ্মীয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। 

Advertisment
Advertisment