Advertisment

বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত?

BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।

 বড়োভূমিত কোন বিভাগ, কাৰ হাতত? Photograph: (file photo)
বড়োভূমিত কোন বিভাগ, কাৰ হাতত? Photograph: (file photo)

৫বছৰ পিছত পুনৰ BTC প্ৰধান হিচাপে শপত গ্ৰহণ কৰিলে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। চৰকাৰ গঠনৰ পিছতে দপ্তৰ বিতৰণ হাগ্ৰামা মহিলাৰীৰ। BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰা দপ্তৰৰ ৬টা দপ্তৰ নিজৰ হাতত ৰাখিলে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে নিজৰ হাতত ৰাখিছে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ। উপ-মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰীক দিয়া হৈছে কৃষি বিভাগ। কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় ব্ৰহ্মই লাভ কৰিলে পৰিবহণ বিভাগ। 

Advertisment

Also Read : SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে?

পৰ্বতঝোৰা সমষ্টিৰ BPFৰ নেত্ৰী  মুনমুন ব্ৰহ্মক দিয়া হৈছে নগৰ উন্নয়ন বিভাগ। ৬ নং কচুগাঁও সমষ্টিৰ ৰবিৰাম নাৰ্জাৰীয়ে লাভ কৰিলে শিক্ষা বিভাগ। ১২ নং ছালাকাটি সমষ্টিৰ ডেৰহাছাট বসুমতাৰীক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব। ৮ নং দোতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰীক সমাজ কল্যাণ,১৫ নং কাজলগাঁও সমষ্টিৰ পানীৰাম ব্ৰহ্মক বন আৰু বন্যপ্ৰাণী বিভাগৰ দায়িত্ব।  

Also Read : মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী

১৭ নং সুভাইঝাৰ সমষ্টিৰ ধীৰাজ বৰগয়াৰীক ভূমি সংৰক্ষণ আৰু আইনী পৰিমাপ আৰু  ২০ নং মথনগুৰী সমষ্টিৰ বেগম আখতাৰা আহমেদক জনস্বাস্থ্য কাৰিকৰী বিভাগ দায়িত্ব হাগ্ৰামাৰ। ২৩ নং দিহিৰা সমষ্টিৰ আগুছটিয়াছ টিগ্গাক পশুপালন আৰু পশু চিকিৎসা বিভাগ, গণেশ কছাৰীক জলসিঞ্চন, ৩৭ নং ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মুছাহাৰীক জলসম্পদ বিভাগ আৰু ৩১ নং খৈৰাবাৰী সমষ্টিৰ লৌমশ্ৰাও দৈমাৰীক ভূমি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্ব।