"SITয়ে আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা বিশিষ্ট ব্যক্তিৰ তালিকাত থকা অনুৰাধা শৰ্মা পূজাৰীয়ে প্ৰত্যাখান কৰিলে আমন্ত্ৰণ। বিশিষ্ট সাহিত্যিকগৰাকীয়ে SITৰ সৈতে আলোচনাত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত উল্লেখ কৰে সামাজিক মাধ্যমত। SITৰ প্ৰতি আহ্বান জনাই সাহিত্যিকগৰাকীয়ে কয় যে... 'মোৰ স্থানত তদন্ত সম্পৰ্কত আইনী আৰু চিকিৎসা বিজ্ঞানৰ বিষয়ে সম্যক জ্ঞান থকা বিশেষজ্ঞ সকলক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তেখেতসকলে SITৰ তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'। Advertisment সামাজিক মাধ্যমত SITৰ আমন্ত্ৰণ আৰু জুবিন গাৰ্গৰ তদন্তক লৈ কি ক'লে অনুৰাধা শৰ্মা পূজাৰীয়ে? ''প্ৰসংগ:-- কেইগৰাকী মান ব্যক্তিৰ সৈতে SITৰ প্ৰস্তাবিত বৈঠক।।।কালি বিয়লি উক্ত প্ৰস্তাবিত বৈঠকখনত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ অহাৰ লগে লগেই সেই বৈঠকত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত মোৰ ব্যক্তিগত অপাৰগতাৰ বিষয়ে উদ্যোক্তা সকলক ফোন আৰু Whatsapp যোগে জনাই দিছো আৰু দুই এক সংবাদ মাধ্যমকো এই কথা অৱগত কৰিছো । লগতে, এইটোও অনুভৱ কৰোঁ যে মোৰ স্থানত তদন্ত সম্পৰ্কত আইনী আৰু চিকিৎসা বিজ্ঞানৰ বিষয়ে সম্যক জ্ঞান থকা বিশেষজ্ঞ সকলক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তেখেতসকলে SIT ৰ তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত উপযুক্ত মতামত দিব পাৰিলেহেতেন। মই অনুভৱ কৰোঁ যে এনে ধৰণে ব্যক্তি বিশেষক লৈ বৈঠক অনুষ্ঠিত কৰাৰ সলনি চৰকাৰে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰি সেই বৈঠকলৈ অসমৰ প্ৰধান জাতীয় সংগঠন সমুহৰ প্ৰতিনিধি সকল আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ লোককো আমন্ত্ৰণ কৰি আনি তদন্ত প্ৰক্ৰিয়াৰ বৰ্তমানলৈকে লাভ কৰা অগ্ৰগতি তথা বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিলেহে তদন্ত প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা আৰু স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু জনসাধাৰণ কিছু পৰিমাণে আস্বস্ত হ'ব পাৰিব। এই সময়ত অসম চৰকাৰ তথা SIT ৰ মুৰব্বী সকললৈ এটাই অনুৰোধ যে এনে ধৰণৰ আলোচনা- বিলোচনাত গুৰুত্ব প্ৰদান কৰাতকৈ ক্ষীপ্ৰ আৰু পানী নসৰকা তদন্ত প্ৰক্ৰিয়াৰ যোগেৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটন কৰি দোষীক কথোৰতম শাস্তি প্ৰদান কৰক''। সামাজিক মাধ্যমত অনুৰাধা শৰ্মা পূজাৰীৰ বিশেষ প'ষ্ট Photograph: (FB) ALSO READ: প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনি "