Assameseপ্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনিৰাজ্যত মুকলি হ'ল CM-FLIGHT শীৰ্ষক অভিলাসী আঁচনি। অসমৰ পৰা প্ৰথম পৰ্যায়ত ৫০ হাজাৰ যুৱক-যুৱতীক পঠিওৱা হ'ব জাপানলৈ। প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি কৰিব পাৰিব জাপানত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে CM-FLIGHT শীৰ্ষক অভিলাসী আঁচনিখন। Jyotiprasad Sarma Oct 12, 2025 19:07 ISTৰাজ্যত মুকলি CM-FLIGHT আঁচনি Photograph: (DY365)ৰাজ্যত মুকলি CM-FLIGHT আঁচনি...জাপানত যুৱক-যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন Advertismentভৱিষ্যতে বহিঃৰাষ্ট্ৰত নিয়োগৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ নহ'ব ভাষা। এতিয়াৰে পৰা অসমতে উপলব্ধ হ'ব বিভিন্ন বিদেশী ভাষাৰ শিক্ষা। আজি ৰাজ্য চৰকাৰে মুকলি কৰিলে এক অভিলাষী আঁচনি। ৰাজ্যত মুকলি হ'ল CM-FLIGHT শীৰ্ষক অভিলাসী আঁচনি। গড়চূকস্থিত উত্তৰ-পূৰ্বাঞ্চল দক্ষতা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে CM-FLIGHT শীৰ্ষক অভিলাসী আঁচনিখন। জাপানৰ প্ৰতিনিধিৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ শুভাৰম্ভণি কৰে। also read: জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বানCM-FLIGHT আঁচনিৰ জৰিয়তে জাপানৰ ভাষাৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। এই প্ৰশিক্ষণ হ'ব ১০ মাহৰ বাবে। এই আঁচনিৰ জৰিয়তে বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব জাপানত। অসমৰ পৰা প্ৰথম পৰ্যায়ত ৫০ হাজাৰ যুৱক-যুৱতীক পঠিওৱা হ'ব জাপানলৈ। এই আঁচনিৰ অধীনত প্ৰশিক্ষণ ল'লে মুঠ খৰচ হ'ব ১ লাখ ৮০ হাজাৰ টকা। ইয়াৰে ১ লাখ টকা দিব অসম চৰকাৰে বাকী ৫০ হাজাৰ টকা দিব জাপান চৰকাৰে। মাত্ৰ ৩০ হাজাৰ টকা প্ৰাৰ্থীয়ে নিজৰ পৰা দিব লাগিব। সেই ৩০ হাজাৰ টকাও প্ৰয়োজন হ'লে ঋণ হিচাপে ল'ব পাৰিব বেংকৰ পৰা।also read: ভাঙি পেলোৱা হ'ব নেকি পেৰিছৰ আইফেল টাৱাৰ?প্ৰথমে অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীক ১৬টা ট্ৰেডত জাপানলৈ নিয়া হ'ব। অৱশ্যে পাঠ্যক্ৰমৰ অন্তত জাপানত কৰ্ম সংস্থাপন বা চাকৰি লাভ কৰিবলৈ হ'লে এটা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ইচ্ছুক যুৱক-যুৱতীসকল। এই প্ৰশিক্ষণ ল'বলৈ নালাগে বিশেষ শিক্ষাগত অৰ্হতা। HSLC উত্তীৰ্ণ হ'লেও ল'ব পাৰিব প্ৰশিক্ষণ। প্ৰথম অৱস্থাত যুৱক-যুৱতীসকলৰ লগতে অসমৰ ১০জন ACS বিষয়াকো দিয়া হ'ব জাপানী ভাষাৰ প্ৰশিক্ষণ। পৰৱৰ্তী সময়ত জাৰ্মানী, ছাউথ কোৰিয়াৰ লগতো এইধৰণৰ চুক্তি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। আজিৰ এই অভিলাষী আঁচনি Advantage Assam 2.Oৰ সুফল বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৱেদন প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ তথ্য বিজ্ঞাপনযোগে জানিব পাৰিব। লগতে গড়চুকস্থিত উত্তৰ-পূৰ্বাঞ্চল দক্ষতা কেন্দ্ৰলৈ গৈ ইচ্ছুক লোকে লাভ কৰিব পাৰিব সকলো তথ্য।এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। এই আঁচনিৰ সুবিধা ল'বলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীৰ। Read the Next Article