Assameseজুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বানজুবিন গাৰ্গ বিহীন কোনো উত্সৱেই পালন কৰিব পৰা নাই অসমীয়াই। পূজাৰ পিছত এতিয়া পোহৰৰ উত্সৱ দীপাৱলী। কিন্তু জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী পালন কৰিব অসমীয়াই। ব্যথিত মনেৰে এইবাৰ অসমবাসীক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান।Naba Gogoi Oct 12, 2025 19:02 ISTজুবিন বিহীন দীপাৱলীজুবিন গাৰ্গ বিহীন কোনো উত্সৱেই পালন কৰিব পৰা নাই অসমীয়াই। পূজাৰ পিছত এতিয়া পোহৰৰ উত্সৱ দীপাৱলী। কিন্তু জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী পালন কৰিব অসমীয়াই। ব্যথিত মনেৰে এইবাৰ অসমবাসীক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান। জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই বৰপেটা আতচবাজী উদ্যোগে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয় অসমবাসীক বৰপেটাৰ বিখ্যাত আতচবাজী উদ্যোগখণ্ডই জনাইছে আহ্বান, যে এইবাৰৰ দীপাৱলী শব্দহীনভাৱে উদযাপন কৰিবৰ বাবে।Advertismentalso read: ভাঙি পেলোৱা হ'ব নেকি পেৰিছৰ আইফেল টাৱাৰ?উল্লেখ্য যে প্ৰতিবছৰে দীপাৱলীৰ সময়ত বৰপেটাৰ বিখ্যাত আতচবাজী উদ্যোগবোৰ বিশেষভাৱে সাজু হৈ উঠে। বছৰজুৰি এই উদ্যোগবোৰ সক্ৰিয় থাকিলেও দীপাৱলীৰ বতৰত ব্যস্ততা বৃদ্ধি পায় বহুগুণে। গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে বহু নতুন কৰ্মচাৰী নিযুক্তিও প্ৰদান কৰে আতচবাজী উদ্যোগীয়ে। তৈয়াৰ কৰা হয় ৰং-বিৰঙৰ বিভিন্ন ধৰণৰ পোহৰ উদ্ভাসিত আতচবাজী। কিন্তু এইবাৰ পৰিস্থিতি যেন কিছু ভিন্ন, কিছু ব্যতিক্ৰম। কিয়নো এইবাৰ জুবিন গাৰ্গ নাই। also read: কালি গোটেই ৰাতি বৌয়ে কান্দি আছে...জুবিন গাৰ্গৰ অকাল মৃত্যুৱে বৰপেটাৰ ঐতিহ্যমণ্ডিত আতচবাজী উদ্যোগতো গভীৰ প্ৰভাৱ পেলাইছে। উদ্যোগটোৰ সভাপতি গোপজিৎ পাঠকে জনোৱা মতে এইবাৰ দীপাৱলীত তেওঁলোকে শব্দ সৃষ্টিকাৰী আতচবাজী প্ৰস্তুত কৰা নাই আৰু দীপাৱলীৰ বজাৰত বিক্ৰীও নকৰে। তেওঁ কয় যে জুবিন গাৰ্গে মানুহক কৰ্ম কৰি জীয়াই থাকিবলৈ আহ্বান জনাইছিল। বৰপেটাৰ আতচবাজী উদ্যোগত কাম কৰিয়েই বহু লোকে জীৱন নিৰ্বাহ কৰি আহিছে। শব্দ সৃষ্টিকাৰী আতচবাজী প্ৰস্তুত নকৰাৰ ফলত এইবাৰ ব্যৱসায়িক দিশত প্ৰভূত ক্ষতিৰ সন্মুখীন হ'ব উদ্যোগটো। তৎসত্ত্বেও তেনেধৰণৰ ক্ষতিক জুবিন গাৰ্গৰ বাবে গৌণ হিচাপে গ্ৰহণ কৰিছে উদ্যোগটোৰ লগত জড়িত সকলো লোকে। also read: কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত দিশহাৰা কেৰিবিয়ান বাহিনীশব্দ সৃষ্টিকাৰী আতচবাজীৰ পৰিৱৰ্তে বৰপেটাৰ আতচবাজী উদ্যোগে এইবাৰ দীপাৱলীত প্ৰস্তুত কৰি উলিয়াইছে ৰঙ-বিৰঙৰ পোহৰ উদ্ভাসিত কৰিব পৰা ফুলজাৰি। কেৱল দীপাৱলীৰ আকাশ পোহৰাবলৈহে সৃষ্টি কৰা হয় এনেবোৰ আতচবাজী। বৰপেটাৰ আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে এইবাৰৰ দীপাৱলীত শব্দবিহীনভাৱে আৰু শান্তিপূর্ণভাৱে পোহৰৰ উৎসৱৰূপে দীপাৱলী পালন কৰিবলৈ ৰাইজক আহ্বান জনায়। তেওঁ লগতে কয়- 'দীপাৱলীৰ মূল উদ্দেশ্য হৈছে সমাজৰ পৰা আন্ধাৰৰূপী অসূৰবোৰক দূৰ কৰি পোহৰৰ মাধ্যমেৰে শুভ শক্তিক আহ্বান জনোৱা। সেইবাবে এইবাৰ আমাৰ দীপাৱলী হওক পোহৰ আৰু শান্তিৰ দীপাৱলী'। Read the Next Article