Advertisment

কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত দিশহাৰা কেৰিবিয়ান বাহিনী

টীম ইণ্ডিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টতো বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ দল। কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত একপ্ৰকাৰ দিশহাৰা হৈ পৰিল কেৰিবিয়ান বাহিনী। ভাৰতৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত ২৪৮ ৰানতে প্ৰথম ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে। 

 Filephoto
Filephoto

কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত দিশহাৰা কেৰিবিয়ান বাহিনী

টীম ইণ্ডিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টতো বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ দল। কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত একপ্ৰকাৰ দিশহাৰা হৈ পৰিল কেৰিবিয়ান বাহিনী। ভাৰতৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত ২৪৮ ৰানতে প্ৰথম ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে। 

Advertisment

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত চলি আছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট। টীম ইণ্ডিয়াই ৫ উইকেটৰ বিনিময়ত ৫১৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ হৈ যশস্বী জয়ছৱালে ১৭৫, শুভমন গিলে অপৰাজিত ১২৯, ছাই সুদৰ্শনে ৮৭, ধ্ৰুৱ জুৰেলে ৪৪, নীতিশ ৰেড্ডীয়ে ৪৩ আৰু কে এল ৰাহুলে ৩৮ ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ২৪৮ ৰানতে ইনিংছ সামৰি ফ'লঅ'নৰ সম্মুখীন হয়। ৱেষ্ট ইণ্ডিজৰ হৈ আথানাছে ৪১, চাই হোপে ৩৬ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ কুলদ্বীপ যাদৱে ৫টা, ৰবীন্দ্ৰ জাদেজাই ৩টা, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজে ১টাকৈ উইকেট দখল কৰে।

দ্বিতীয় ইনিংছত এক সন্তোষজনক আৰম্ভণি কৰিছে ৱেষ্ট ইণ্ডিজে। তৃতীয় দিনাৰ খেল শেষ হোৱালৈকে ২উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ১৭৩ ৰান। দিনান্তত জ'ন কেম্পবেলে ৮৭ আৰু চাই হোপে ৬৬ ৰানত বেটিঁং কৰি আছে। ভাৰতৰ হৈ মহম্মদ চিৰাজ আৰু ৱাছিংটন সুন্দৰে ১টাকৈ উইকেট দখল কৰে। 


ইতিহাস ৰচনা কৰে ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱে। টেষ্ট ক্ৰিকেটত ১৫খন মেচতে পাঁচবাৰকৈ এটা ইনিংছত পাচটা উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন লেগ স্পীনাৰ হিচাপে পৰিগণিত হৈছে কুলদ্বীপ যাদৱ। পূৰ্বে এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ বাওঁহতীয়া স্পীনাৰজন আছিল কিংবদন্তি জনী ৱাৰ্ডল। অৱশ্যে জনী ৱাৰ্ডলে ২৮খন টেষ্ট মেচতহে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বিপৰীতে কুলদীপ যাদৱে মাত্ৰ ১৫খন মেচতে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত চলিত বৰ্ষত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হৈছে কুলদ্বীপ। আনজন ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীক অতিক্ৰম কৰে কুলদীপে । এইপৰ্যন্ত বৰুণ চক্ৰৱৰ্তীয়ে ৩১টা উইকেট দখল কৰাৰ বিপৰীতে কুলদীপ যাদৱে ৩৫টা উইকেট দখল কৰিছে।

২০২৫ চনত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় স্পিনাৰ
কুলদীপ যাদৱ - ৩৫*
বৰুণ চক্ৰৱৰ্তী - ৩১* 
ৰবীন্দ্ৰ জাদেজা – ২৫*
অক্ষৰ পেটেল - ২০*
ৱাশ্বিংটন সুন্দৰ - ১১*