Assameseভাঙি পেলোৱা হ'ব নেকি পেৰিছৰ আইফেল টাৱাৰ?সঁচাকৈ ভাঙি পেলোৱা হ'ব নেকি বিশ্ব প্ৰসিদ্ধ আইফেল টাৱাৰ? ২০২৬ত আইফেল টাৱাৰ ভাঙি পেলাব বুলি ওলোৱা খবৰ কিমান সঁচা? কিয় আইফেল টাৱাৰ ভাঙিবলৈ ওলাইছে ফ্ৰান্সে? সামাজিক মাধ্যমত ব্যাপক চৰ্চা। Naba Gogoi Oct 12, 2025 18:28 IST২০২৬ত ভাঙি পেলোৱা হ'ব নেকি আইফেল টাৱাৰ? Photograph: (internet)eiffel tower 1/5২০২৬ত ভাঙি পেলোৱা হ'ব নেকি আইফেল টাৱাৰ?এটা খবৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰটো হৈছে ফ্ৰান্সৰ পৰ্যটন ক্ষেত্ৰৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আইফেল টাৱাৰ ভাঙি পেলোৱাৰ খবৰ। খবৰ লাভৰ পিছতে সকলোৰে মনত এটাই প্ৰশ্ন, সঁচাকৈ ভাঙি পেলোৱা হ'ব নেকি বিশ্ব প্ৰসিদ্ধ এই আইফেল টাৱাৰ? ২০২৬ত আইফেল টাৱাৰ ভাঙি পেলাব বুলি ওলোৱা খবৰে ব্যথিত কৰিছে সকলোকে। কিয়নো বিশ্বৰ ভিন্ন দেশৰ নাগৰিকে ফ্ৰান্স ভ্ৰমণ কৰিলে আইফেল টাৱাৰ চাবলৈ নোযোৱাকৈ নাথাকে। যিহেতু ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ এই আইফেল টাৱাৰ নিৰ্মাণৰ পিছৰে পৰা বিশ্ববাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল বৰ্তমানো সেই ধাৰা অব্যাহত আছে।কিন্তু কিয় আইফেল টাৱাৰ ভাঙিবলৈ ওলাইছে ফ্ৰান্সে? Source: internet 2/5আইফেল টাৱাৰ ভাঙি পেলালে সংখ্যা কমিব নেকি পৰ্যটকৰ?উল্লেখ্য যে প্ৰতি বছৰে ভিন্ন দেশৰ লাখ লাখ পৰ্যটকে এই আইফেল টাৱাৰ চাবলৈ বুলিয়ে পেৰিছলৈ ভ্ৰমণ কৰে। কিন্তু শেহতীয়াকৈ পৰ্যটকৰ মন সেমেকা কৰি সামাজিক মাধ্যমত আইফেল টাৱাৰ ভাঙি পেলোৱা হ'ব বুলি এক খবৰ ভাইৰেল হৈ পৰিছে। খবৰ অনুসৰি ২০২৬ চনত পেৰিছৰ গৌৰৱ বুলি গণ্য কৰা আইফেল টাৱাৰটো ভাঙি পেলোৱা হ’ব। কিন্তু কিয় আইফেল টাৱাৰ ভাঙিবলৈ ওলাইছে ফ্ৰান্সে? আইফেল টাৱাৰ ভাঙি পেলালে পেৰিছৰ পৰ্যটনস্থলী নিম্নগামী হোৱাৰো সম্ভাৱনা।সামাজিক মাধ্যমত ব্যাপক চৰ্চা 3/5সামাজিক মাধ্যমত প্ৰচাৰিত এই খবৰ কিমান সত্য?সামাজিক মাধ্যমত উত্থাপিত দাবী অনুসৰি আইফেল টাৱাৰস্থিত ভূমিৰ পট্টাৰ ম্যাদ উকলি গৈছে, সমান্তৰালকৈ ইয়াৰ গাঁথনিৰ দুৰ্বলতা আৰু ৰক্ষণাবেক্ষণৰ বাবে বৃহৎ পৰিমাণৰ খৰচ বহন কৰিবলগীয়া হৈছে। কিন্তু মনকৰিবলগীয়া যে সামাজিক মাধ্যমত প্ৰচাৰিত এই খবৰ ভুৱা। লগতে আইফেল টাৱাৰক লৈ উত্থাপিত এই দাবীও ভুৱা বুলি প্ৰমাণিত হৈছে। কিয়নো এই উৰাবাতৰি আৰম্ভ হৈছিল ২০২৫ চনৰ ১৮ ছেপ্টেম্বৰত প্ৰকাশিত এটা ব্যংগমূলক প্ৰবন্ধৰ পৰা। 'টেপিওকা টাইমছ' নামৰ এক কাকত তথা ৱেবছাইটত হাস্যৰস সৃষ্টিৰ বাবে লিখা হৈছিল যে, 'আইফেল টাৱাৰ এতিয়া খালী হৈ আছে, কোনেও আইফেল টাৱাৰ চাবলৈ নাযায়, ভ্ৰমণ নকৰে, গতিকে ইয়াক ভাঙি পেলোৱা হ'ব'।Advertismentভুৱা খবৰে চিন্তাত পেলাইছিল পৰ্যটকক Source: internet 4/5হাস্যৰসৰ বাবে প্ৰকাশ কৰা প্ৰৱন্ধত কি আছিল?হাস্যৰসৰ বাবে প্ৰকাশ কৰা এই প্ৰবন্ধটোত ভুৱা নিৰ্দেশনা পত্ৰ ব্যৱহাৰ কৰা হৈছিল। সেই ভুৱা নিৰ্দেশনা পত্ৰ ব্যৱহাৰ কৰি কোৱা হৈছিল যে আইফেল টাৱাৰৰ জনপ্ৰিয়তা কমি গৈছে। সেয়ে আইফেল টাৱাৰ ভাঙি ইয়াৰ ঠাইত নতুন কিবা স্মৃতিসৌধ নিৰ্মাণ কৰা হ'ব। কেৱল ইমানেই নহয় উক্ত প্ৰৱন্ধটোত ধেমালিতে লিখা হৈছিল যে আইফেল টাৱাৰত ভিন্ন চৰাইয়ে বাঁহ সাজিছে, সেয়ে টাৱাৰটো ভাঙি ভৱিষ্যতে ইয়াৰ ঠাইত অন্য স্মৃতিসৌধ বা ফেষ্টিভেল পাতিব পৰাকৈ কনচাৰ্ট হল স্থাপন কৰিব পাৰে। সমান্তৰালকৈ কাহিনী আকাৰে লিখা এই প্ৰৱন্ধটোৰ শেষৰ শাৰীত লিখা আছিল যে ২০২৬ চনৰ আৰম্ভণিতে মুকলি হ'ব এই নতুন প্ৰকল্প।এই খবৰ সম্পূৰ্ণ ভুৱা 5/5কেতিয়াও পেৰিছৰ আইফেল টাৱাৰ ভঙাৰ পৰিকল্পনা নাই ফ্ৰান্সৰহাস্যৰস সৃষ্টিৰ বাবে ৰচনা কৰা এই কাহিনী বা প্ৰৱন্ধটোৰ উক্ত শাৰীটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত সকলোৱে ভাবিলৈ ল'লে যে সঁচাকৈয়ে হয়তো ভাঙি পেলোৱা হ'ব পাৰে আইফেল টাৱাৰ। ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ দৰে সামাজিক মাধ্যমত পৰীক্ষা নকৰাকৈয়ে এই খবৰ সঁচা বুলি বিশ্বাস কৰি লয় একাংশই। কিন্তু এই খবৰ সম্পূৰ্ণ ভুৱা। কেতিয়াও পেৰিছৰ আইফেল টাৱাৰ ভঙাৰ পৰিকল্পনা নাই ফ্ৰান্সৰ। অৱশ্যে এই পৰ্যন্ত ফ্ৰান্সৰ আইফেল টাৱাৰ পৰিচালনা কৰা সংস্থাই এই সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই। Read the Next Article