Advertisment

কালি গোটেই ৰাতি বৌয়ে কান্দি আছে...

CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈ  অৰুণ গাৰ্গে ক'লে- কালি গোটেই ৰাতি বৌয়ে কান্দি আছে, মোক এতিয়া কেৱল দাদাৰ ন্যায় লাগে।

 FilePhoto
FilePhoto

কালি গোটেই ৰাতি বৌয়ে কান্দি আছে...

CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈ  অৰুণ গাৰ্গে ক'লে- কালি গোটেই ৰাতি বৌয়ে কান্দি আছে, মোক এতিয়া কেৱল দাদাৰ ন্যায় লাগে।

Advertisment

হাৰ্টথ্ৰৱ জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আতৰি যোৱাৰ আজি ২৪ দিনেই হ'ল। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে পৰিয়াল, জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে। সকলোৰে মনত এটাই প্ৰশ্ন কেতিয়া পোহৰলৈ আহিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত কাৰণ? কেতিয়া ন্যায় পাব হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে?

আজি প্রথমবাৰলৈ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছিল উপস্থিত হৈছিল জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। তদন্তৰ বাবে  CIDয়ে আজি ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। অৰুণ গাৰ্গ আছিল জুবিন গাৰ্গৰ ভাতৃসম সহযোগী। জুবিন গাৰ্গৰ শেষকৃত্যও সম্পন্ন কৰিছিল অৰুণ গাৰ্গে।

CIDৰ কাৰ্যালয়ত সন্মুখত অৰুণ গাৰ্গে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। জুবিনৰ তদন্তৰ নামত কিয় ইমান সময় লাগিছে বুলি প্ৰশ্ন উত্থাপন কৰি অৰুণ গাৰ্গে কয়, তদন্তত কিয় ইমান সময় লাগিছে? অতি সোনকালে দাদাৰ ন্যায় লাগে। কালি গোটেই ৰাতি বৌয়ে কান্দি আছে। মই দাদাৰ ঘৰত কাম কৰো, দাদাৰ লগত থাকো। মই এইবিলাক একো নাজানো, মোক অকল দাদাৰ ন্যায় লাগে। ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সকলকো ইয়ালৈ চোঁচৰাই আনিব লাগে । অৰুণ গাৰ্গৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। 


উল্লেখ্য যে SITয়ে প্ৰতিদিনেই সোধা-পোছা কৰি আহিছে বিভিন্নজনক। জুবিন গাৰ্গৰ  সহশিল্পীৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিভিন্নজনকে জেৰা কৰিছে  SITয়ে। 

ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগত SIT-এ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। SIT-এ গ্ৰেপ্তাৰ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। তাৰ পাছতে SIT-এ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল জুবিন গাৰ্গৰ সহবাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, জুবিন গাৰ্গৰ সহশিল্পী অমৃতপ্ৰভা মহন্ত, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক। 


এতিয়া অসমবাসীৰ মনত এটাই প্ৰশ্ন- জুবিন গাৰ্গৰ ন্যায় কেতিয়া?

Advertisment
Advertisment