Advertisment

জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব

কংগ্ৰেছ দলৰ হাতত কোনো ইচ্ছু নাই। প্ৰতিটো নিৰ্বাচনত শূণ্য হৈ আহিছে কংগ্ৰেছ দল। কংগ্ৰেছলৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ আহ্বান-জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব। 

 Filephoto
Filephoto

জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব

কংগ্ৰেছ দলৰ হাতত কোনো ইচ্ছু নাই। প্ৰতিটো নিৰ্বাচনত শূণ্য হৈ আহিছে কংগ্ৰেছ দল। কংগ্ৰেছলৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ আহ্বান-জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব। 

Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৩টা দিন। ১৯ ছেপ্তেম্বৰৰ সেই অনাকাংক্ষিত দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কিয় আৰু কি কাৰণত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল- এই প্ৰশ্নৰ উত্তৰ পোৱা নাই অসমীয়াই। সামাজিক মাধ্যমত প্ৰতিজন অসমীয়াই #JusticeForZubeenGarg লিখি জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে। ৰাজ্যবাসীৰ মনত এতিয়া এটাই প্ৰশ্ন- জুবিন গাৰ্গে কেতিয়া ন্যায় পাব? 

তাৰ মাজতে আজি জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে জুবিন গাৰ্গৰ বন্ধু তথা কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই। তিতাবৰত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত পবিত্ৰ মাঘেৰিটাই ক'লে- জুবিন গাৰ্গৰ ন্যায় অসমৰ ৰাইজ আৰু চৰকাৰ সকলোৱে বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গলৈকে প্ৰতিজন অসমীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে। জুবিন গাৰ্গক লৈ ৰাজ্য চৰকাৰেও নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে। আনহাতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তদন্ত সমিতিয়ে বিজ্ঞানসন্মতভাৱে তদন্তৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে। ন্যায়পালিকাই অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসক আগত ৰাখিয়েই ন্যায় প্ৰদান কৰিব।

জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক সমালোচনা কৰি মাঘেৰিটাই কয়, - জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা স্থিতিকে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলে পৰজীৱি হিচাপে কাম কৰিছে। জুবিন গাৰ্গৰ প্ৰতি অসমৰ ৰাইজৰ থকা আৱেগ, শ্ৰদ্ধা, মৰমক লৈ কংগ্ৰেছ দলে ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে। কাৰণ কংগ্ৰেছৰ এতিয়া কোনো ইচ্ছু নাই। কংগ্ৰেছ দলৰ এনে নিকৃষ্ঠ কামক লৈ অসমৰ ৰাইজে আগন্তুক সময়ত সিদ্ধান্ত ল'ব। 


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কংগ্ৰেছে কথা কৈছে ৰাজনৈতিক, আনফালে গান বজাইছে জুবিন গাৰ্গৰ। তেওঁলোকে শ্ল'গান দি আছে কংগ্ৰেছক ভোট দিয়ক আৰু তাত গান লগাইছে 'মায়াবিনী'। এইবিলাক কেনেকুৱা ধৰণৰ কথা। অসমৰ ৰাইজে সকলো লক্ষ্য কৰি আছে। গতিকে কংগ্ৰেছ দলক এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান মন্ত্ৰী পৱিত্ৰ মাঘেৰিটাৰ।