Advertisment

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত কাৰন কেতিয়া পোহৰলৈ আনিব SITএ ?

এতিয়া প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কেতিয়া পোহৰলৈ আহিব? জুবিন গাৰ্গৰ মৃত্যু যদি সঁচাই ষড়যন্ত্ৰ আছিল তেতিয়াহ'লে দোষীয়ে কি শাস্তি পাব?

 জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২২ দিন, ন্যায় বাবে অপেক্ষা জুবিন অনুৰাগীৰ Photograph: (FILE PHOTO)
জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২২ দিন, ন্যায় বাবে অপেক্ষা জুবিন অনুৰাগীৰ Photograph: (FILE PHOTO)

জুবিন গাৰ্গৰ মৃত্যু যদি সঁচাই ষড়যন্ত্ৰ আছিল তেতিয়াহ'লে দোষীয়ে কি শাস্তি পাব?

Advertisment

৯ ছেপ্তেম্বৰ,২০২৫ এই তাৰিখটো সমগ্ৰ অসমবাসীয়েকেতিয়াও পাহৰিব নোৱাৰিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সকলোকে কন্দুৱাই চিৰদিনলৈ বিদায় লোৱাৰ আজি ২২ টা দিন উকলি গ’ল। যিমানেই দিন গৈছে সিমানেই যেন ৰহস্যঘন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। জুবিন গাৰ্গৰ মৃত্যু আচলতে কেনেকৈ হ'সেইয়া জানিবলৈ এতিয়া সকলোৱে বাট চাই আছে।

জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নে হত্যা সেই লৈ এতিয়া হাজাৰজনৰ মনত হাজাৰ প্ৰশ্ন। জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগেই উত্থাপন হৈছিল এক গুৰুতৰ অভিযোগ, যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। সেই অভিযোগৰ পিছতেই সংগীত জগতৰ উজ্জল নক্ষত্ৰজনৰ মৃত্যু কাৰন আৰু ন্যায় বিচাৰি এতিয়াওআশাতন্দীঅসমৰ জনতা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা SIT-এ দৈনিক জেৰা অব্যাহত ৰাখিছে বিভিন্নজন। এতিয়া SIT এ জেৰা কৰিছে গ্ৰেপ্তাৰ কৰিছে ৭জনক। কিন্তু এইপৰ্যন্ত  জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াব পৰা নাই SIT-এ। জুবিন গাৰ্গৰ বহু ঘনিষ্ঠ তথা একালৰ বন্ধু, সহশিল্পীৰ লগতে একলগে মঞ্চত জুবিন গাৰ্গৰে বাদ্যযন্ত্ৰ বজোৱা কেইবাজনকো দৈনিক সোধা-পোছা অব্যাহত ৰাখিছে SITএ। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে বিভিন্নজনলৈ জাননী পঠিয়ায়েই আছে SIT-এ।

কিন্তু ৰাইজৰ অভিযোগ SIT-জুবিনৰ মৃত্যুৰ সলনি অন্য দিশতহে অধিক গুৰুত্ব দিছে। শুকুৰবাৰে SIT-এ সোধাপোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ ২ দেহৰক্ষীকো। জুবিনৰকষ্টোপাৰ্জিত ধন দুয়ো লুটি-পুতি খোৱাৰ অভিযোগ কিয়নো দুয়োৰে বেংক একাউণ্টত কোটি টকাৰ ধনৰ লেন-দেনৰ তথ্য লাভ SITএ।  শেখৰজ্যোতি গোস্বামী আৰু মেনেজাৰ সিদ্ধাৰ্থয়ো আৰ্থিকভাৱে জুবিন গাৰ্গক  শোষণ কৰাৰ তথ্য লাভ  কৰিছে SITএ।

এতিয়া প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কেতিয়া পোহৰলৈ আহিব? জুবিন গাৰ্গৰ মৃত্যু যদি সঁচাই ষড়যন্ত্ৰ আছিল তেতিয়াহ'লে দোষীয়ে কি শাস্তি পাব? বিভিন্নজনৰ অভিযোগ যে, পইচাৰ বাবেই জুবিন গাৰ্গক শেষ কৰি পেলোৱা হ'ল। সঁচাই যদি জুবিন গাৰ্গ নামৰ সত্তাটোক টকা-পইচাৰ বাবে শেষ কৰা হ'ল ইয়াৰ আঁৰত থকা সকলে কি শাস্তি লাভ কৰিব? 

Advertisment
Advertisment