Advertisment

সাহিত্যিক নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ 'সদসি ৱৰেণ্যঃ' সন্মান

প্ৰতিথযশা সাহিত্যিক ড০ নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান। অসম সাহিত্য সভাই সাহিত্যিকগৰাকীলৈ প্ৰদান কৰিলে 'সদসি ৱৰেণ্যঃ' সন্মান। অঃসাঃসভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ এক অনুষ্ঠানত প্ৰদান কৰে এই সন্মান।

 সাহিত্যিক নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ 'সদসি ৱৰেণ্যঃ' সন্মান

গুৱাহাটী, ১ নৱেম্বৰঃ প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান। সাহিত্যিক ড০ শইকীয়াক অসম সাহিত্য সভাই প্ৰদান কৰিলে 'সদসি ৱৰেণ্যঃ' সন্মান। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান গ্ৰহণ কৰি আৱেগিক হৈ পৰিল মিতভাষৰ স্ৰষ্টা তথা প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়া। সাহিত্য সভাৰ সন্মান গ্ৰহণ কৰি কান্দোনত ভাগি পৰিল প্ৰসিদ্ধ সাহিত্যিকগৰাকী। 

Advertisment

also read: ইতিহাস, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড। জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে ভংগ কৰিলে অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ...

ড০ শইকীয়াই নিজৰ ভাষণত কয়, 'মোৰ বাবে আজিৰ দিনটো আটাইতকৈ দুখ আৰু সুখৰ দিন'। 'শাৰীৰিক অসুস্থতাৰ বাবে প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হৈছোঁ'। 'অসম সাহিত্য সভাৰ মজিয়াত ওমলি-জামলি ডাঙৰ-দীঘল হৈছিলোঁ'। 'মনৰ আনন্দৰে যোগ দিব লাগিছিল আজিৰ অনুষ্ঠানটোত, কিন্তু স্বাস্থ্যৰ অসুস্থতাৰ বাবে বঞ্চিত হ'লোঁ'। 

also read: কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে

নিজৰ ভাষণ প্ৰসংগত অসমৰ জাতীয় জীৱনলৈ নামি সংকটক লৈয়ো উদ্বেগ প্ৰকাশ কৰে সাহিত্যিক ড০ নগেন শইকীয়াই। ড০ শইকীয়াই নিজৰ বক্তব্যত কয়, 'আজি আমি যি সংকটৰ মাজত আছোঁ, এই সংকটৰ বিপক্ষে সদলবলে সমগ্ৰ জাতি থিয় দিব নোৱাৰোঁ, হয়তো দ্বিতীয়বাৰ ঘূৰাই পাব নোৱাৰো। এই ভয়টোৱে মোক কন্দুৱাই থাকে। এই ৰাজ্যখন যিসকলে গঢ়ি তুলিছে এই গোটেইবোৰে অসমীয়া মানুহ। অসমৰ উজ্বলি উঠা ছবিত কৰবাত যেন দাগ লাগিছে। আমি নিজকে প্ৰশ্ন কৰিব লাগিব। আমি সঁচাকৈ এই ৰাজ্যখনক সঠিক পথত আগবঢ়াই লৈছোনে? সাহিত্য সভাই সাহিত্য কৰে, তাৰ কোনো সন্দেহ নাই। সাহিত্য সভাই সকলো জাতিক সামৰি লৈ কৰে। সেইসকলক কোনোবাই ভাগ ভাগ কৰে, তেনেহ'লে ইয়াক উফৰাই দিব লাগিব'। 

also read: কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা সন্মানীয় অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱা,
শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মহাদেৱ পাটগিৰি, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডা° জি সিংঘাইয়া, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতি প্ৰসাদ শইকীয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰুপজ্যোতি চৌধুৰী, লক্ষিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মুকুল বৰা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা, সাহাত্যাচাৰ্য ড° ভীমকান্ত বৰুৱা আৰু ড° কৰবী ডেকা হাজৰিকাকে প্ৰমুখ্য কৰি বহু গণ্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

also read: বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

অনুষ্ঠানত ডিব্ৰুগড়ৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন আদিয়ে ড০ নগেন শইকীয়াক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰাপ্তিৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে। 

Advertisment
Advertisment