"কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে অনুৰাগীৰ সৈতে বহি আজি নিজৰ সপোনৰ চিনেমা '"ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে! ৰাজ্যৰ কেইবাটাও চিনেমাহলত একেই পৰিৱেশ। কান্ধত অসমীয়াৰ স্বাভিমান লৈ চিনেমা হললৈ অহা জুবিন গাৰ্গৰ উপস্থিতি অৱশ্যে ভাৰ্চুৱেল নহয়। নিজৰ সপোনৰ চিনেমা '"ৰৈ ৰৈ বিনালে" চাবলৈ আহিব জুবিন গাৰ্গ- প্ৰতিজন অসমীয়াৰ অন্তৰআত্মাৰ কথাহে এয়া। Advertisment গুৱাহাটী, নলবাৰী, ঢেকীয়াজুলি, গোৱালপাৰাৰ ছবিগৃহত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে এখনকৈ আসন। কায়িকভাৱে জুবিন গাৰ্গ নাথাকিলেও কাল্পনিকভাৱে জুবিন দাই নিজৰ সপোনৰ চিনেমাখন চাবলৈ আহিব বুলি বিশ্বাস প্ৰতিজন অনুৰাগীৰ। আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে জুবিন গাৰ্গে, সেইবাবে জুবিন আছিল একক, অনন্য। অসমৰে নহয়, ভাৰতবৰ্ষৰ চিনেমা জগতত এক নতুন অভিলেখ সৃষ্টি কৰি পুৱা ৪.২৫ বজাৰ পৰাই আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। জুবিন গাৰ্গে কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল চলিছে অসমীয়া চিনেমা , একপ্ৰকাৰ ৰাজ্যৰ চিনেমা হলত এতিয়া অসমীয়াগিৰি। অসমীয়া ছবি চাবলৈ হিলদল ভাঙি ওলাই আহিছে অসমবাসী। ৰাজ্যৰ চিনেমা জগতত "ৰৈ ৰৈ বিনালে" হৈ ৰব ইতিহাস। চিনেমা চাবলৈ আহি কান্দোনত ভাঙি পৰিছে জুবিন অনুৰাগী। ৰৈ ৰৈ বিনালে ষে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা, এই কথা মানি লব পৰা নাই কোনেও। হিয়া ঢাকুৰি কান্দি কান্দি অনুৰাগীয়ে কলে -"আমি পলিটিক্স বুজি নোপোৱা সৰু মানুহ। "যেনেকৈ হ"লেও আমাক জুবিন গাৰ্গৰ ন্যায় লাগিবই'। ধুবুৰীত "ৰৈ ৰৈ বিনালে" উপভোগ কৰি ওলাই আহি কান্দোনত ভাগি পৰা এগৰাকী দৰ্শকে কলে- 'ভগৱানৰ কেতিয়াও, কোনো কাৰণতে মৃত্যু নহয়'। 'সৰুৰ পৰাই জুবিনদাৰ গান শুনি ডাঙৰ হ'লো'। 'ছবিখনত জুবিনদাৰ মুখখন চাবলে কলিজাত শেষ সাহস নোহোৱা হৈ গৈছিল'। বিহপুৰীয়াৰ প্ৰেৰণা ছবিগৃহতো কান্দোনৰ ৰোল। কান্দি কান্দি ৰৈ ৰৈ বিনালে চাবলৈ চিনেমা হলত সোমাল দৰ্শক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় দৰ্শকে গালে 'মায়াবিনী' ৷ বুজাব নোৱৰা দুখ এটাই আজি আকৌ কন্দুৱাইছে অসমবাসীক। জুবিন গাৰ্গে বিচৰা ধৰণেই হিল-দল ভাঙি সকলো গ"ল সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ। চিনেমাখন চাই কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল দৰ্শক। প্ৰতিজনৰে চকুত চকুলো। কায়িকভাৱে নাথাকিলেও জুবিনদা সদায় আমাৰ মাজত অমৰ হৈ থাকিব। জয় জুবিনদা, আপুনি অমৰ হওক। জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে চাই কান্দোনত ভাগি পৰা দৰ্শকৰ মনৰ কথা আছিল এয়া। "