Advertisment

আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী

আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আজি মহাঅষ্টমী পূজাৰ আয়োজন। মহাস্নানেৰে আৰম্ভ অষ্টমীবিহিত পূজাৰ। ষোড়শোপচাৰ মন্ত্ৰোচ্চাৰণেৰে দেৱীক আহ্বান। দেৱীক আৰাধনাৰ বাবে মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ।

 আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী
আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী

আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী


দেৱীক আৰাধনাৰ বাবে মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ


আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আজি মহাঅষ্টমী পূজাৰ আয়োজন। মহাস্নানেৰে আৰম্ভ অষ্টমীবিহিত পূজাৰ। ষোড়শোপচাৰ মন্ত্ৰোচ্চাৰণেৰে দেৱীক আহ্বান। দেৱীক আৰাধনাৰ বাবে মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ। আজিৰ মহাঅষ্টমীৰ দিনা মা দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। প্ৰবাদমতে কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ লাভ কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী। 

Advertisment

হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ হয়। যিজনে মা দেৱী দুৰ্গা দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায়। মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয়। শাস্ত্ৰ অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয়। সুখ, সমৃদ্ধি, ধন, ঐশ্বৰ্য লাভ হয়। মা দুৰ্গাৰ পূজা-অৰ্চনা কৰিলে ভক্তৰ মন পৱিত্ৰতাৰে ভৰি পৰে। 

শাৰদীয় নৱৰাত্ৰিৰ আজি মহাঅষ্টমী। মা দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। মাংগলিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন পূজাস্থলীত। দেৱীক আৰাধনাৰ বাবে মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ। জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱত এইবাৰ পূৰ্বৰ দৰে উছাহ নাই যদিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাংগলিক কাৰ্যৰে চলিছে মা দেৱী দুৰ্গাৰ পূজা-অৰ্চনা। জাকজমকতাৰ পৰিৱৰ্তে আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে পূজাস্থলীসমূহত। 

মহানগৰীৰ পূজা মণ্ডপ সমূহতো দেখা গৈছে অষ্টমী পূজাৰ আয়োজন। উগ্ৰতাৰা দেৱালয়ত মহাঅষ্টমী পূজাত ভক্তৰ সমাগম।  

Advertisment

ধুবুৰীৰ গৌৰীপুৰতো উদযাপন মহাঅষ্টমী পূজা। ৰজাদিনীয়া মহামায়া মন্দিৰত পুৱাৰে পৰা চলিছে দেৱী মা দুৰ্গাৰ পূজা-অৰ্চনা। পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে মুখাৰিত হৈছে মহামায়া মন্দিৰৰ প্ৰাংগণ। 

লখিমপুৰৰ নাৰায়ণপুৰৰ ঐতিহাসিক পেটুৱাগোসাঁই থানত ভক্তৰ ভিৰ। জনবিশ্বাস মতে, থানখনত হাঁহ-কোমোৰা বলি দিলে পূৰ্ণ হয় মনোবাঞ্ছা। দেৱী মাৰ আশিস বিচাৰি মহাঅষ্টমীৰ দিনটোত পূজা-অৰ্চনা বিভিন্নজনৰ। অৱশ্যে প্ৰাণৰ শিল্পীৰ অকাল বিয়োগৰ বাবে পূৰ্বৰ তুলনাত সেৰেঙা ভক্তৰ সমাগম। 

শিৱসাগৰৰ শিমলুগুৰি নগৰত এখন ব্যতিক্ৰমী পূজা। কুঁহিপাতৰ আৰ্হিত সজাই তোলা হৈছে পূজা মণ্ডপ। মণ্ডপৰ কাষতে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি। 

Advertisment

ইফালে শ্ৰীভূমি জিলাৰ মাণিকবন্দত এখন বিশেষ দুৰ্গা পূজা। জনজাতীয় সম্প্ৰদায়ৰ লোকে অনুষ্ঠিত কৰিছে আচেপপানচি পূজা। আচেপপানচি আচলতে মা দেৱী দুৰ্গাৰে এটা ৰূপ। অৱশ্যে এই পূজাত নাথাকে কোনো মূৰ্তি, পূজাৰ নিয়মো বেলেগ। শেকাচেপ-চৰই সম্প্ৰদায়ৰ লোকে বছৰ বছৰ ধৰি পাতি আহিছে এই বিশেষ পূজা।

আন আন স্থানৰ লগতে দৰঙৰ খাৰুপেটীৰ শ্মশান পট্টিতো অনুষ্ঠিত হৈছে পূজা। বাৰাণসীৰ নমো ঘাট আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। প্ৰধানমন্ত্ৰীয়ে স্নান কৰাৰ দৃশ্য স্থানীয় শিল্পীৰ হাতৰ পৰশত সুন্দৰকৈ দাঙি ধৰাৰ প্ৰয়াস কৰিছে এই পূজাস্থলীত। অৱশ্যে জুবিনবিহীন এই দুৰ্গা পূজাত নাই পূৰ্বৰ দৰে পৰিৱেশ। 

চিৰাঙৰ বিজনীত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিলে এখন দুৰ্গা পূজা। ১০ সহস্ৰাধিক গছপুলিৰে সজ্জিত ‘আৰণ্যক’ শীৰ্ষক দুৰ্গা পূজা মণ্ডপ মৰমৰ শিল্পীৰ নামত উৎসৰ্গিত।  শিৱ শংকৰ কলনিৰ ৪২ সংখ্যক দুৰ্গা পূজা সমিতিয়ে জুবিনৰ নামত উৎসৰ্গিত কৰিলে পূজা মণ্ডপ।

Advertisment

দৰঙৰ কলাইগাঁৱৰ ৰামজানকী মন্দিৰতো পূজাৰ অনন্য পৰিৱেশ। অগণন ভক্তই মা দুৰ্গা দেৱীৰ ওচৰত সেৱা লোৱা পৰিলক্ষিত হৈছে।

নগাঁৱৰ কলিয়াবৰত নৱম শ্ৰেণীৰ এজন ছাত্ৰই সাজি উলিয়ালে মা দেৱী দুৰ্গাৰ প্ৰতিমা। নিজে সজা প্ৰতিমাত পূজা-অৰ্চনা দলাপানী গাঁৱৰ অভয় বিশ্বকৰ্মা নামৰ ছাত্ৰজনৰ। ৪ বছৰে ডাঠ কাগজেৰে প্ৰতিমা নিৰ্মাণ কৰি আহিছে এই ছাত্ৰজনে। দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আধ্যাত্মিকতাৰে কৰি আহিছে দেৱী বন্দনা। ইমানেই নহয় মৰমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় ছাত্ৰজনে কৰিছে পূজা। মায়াবিনী ৰাতিৰ বুকুত... শীৰ্ষক গীত গাই সুঁৱৰিলে প্ৰিয় শিল্পী জুবিন গাৰ্গক। 

Advertisment
Advertisment