Assameseআজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজাআজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মী পূজা। আজি শৰতৰ পূৰ্ণিমা। আহিন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিটো হিন্দু ধৰ্মত অতি পৱিত্ৰ। আজিৰ দিনটোতেই ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজা কৰা হয়।Jyotiprasad Sarma Oct 06, 2025 13:16 ISTআজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজাআজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজাৰাজ্যজুৰি মা লক্ষ্মীক আৰধনাAdvertismentওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।সর্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমঃস্তুতে।।আজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মী পূজা। আজি শৰতৰ পূৰ্ণিমা। আহিন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিটো হিন্দু ধৰ্মত অতি পৱিত্ৰ। আজিৰ দিনটোতেই ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজা কৰা হয়। আজিৰ এই পৱিত্ৰ দিনটোতেই ধৰালৈ আগমন ঘটে মা লক্ষ্মীৰ। দেৱী মা লক্ষ্মীৰ আগমনত ধৰাৰ বুকু শস্য-শ্যামলা হৈ পৰে। লোকবিশ্বাস অনুসৰি পবিত্ৰ মনেৰে, বিধি-বিধানেৰে মা লক্ষ্মীৰ পূজা কৰিলে বৃদ্ধি পায় সুখ-সমৃদ্ধি। আজি পুৱা ১১:৫৪ বজাৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি।ALSO READ:আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমীশাস্ত্ৰ অনুসৰি লক্ষ্মী পূজাৰ নিশা লক্ষ্মীয়ে পৃথিৱীত বিচৰণ কৰে। এই দিনটোত যিয়ে অতি শুদ্ধমনে লক্ষ্মী মাক পূজা-অৰ্চনা কৰে তেওঁলোকৰ জীৱন ধন, ঐশ্বৰ্য, বিভূতিৰে ভৰি পৰে। এই দিনটোত মা লক্ষ্মীক প্ৰাৰ্থনা কৰিলে মা লক্ষ্মী দেৱী সন্তুষ্ট হয় আৰু জীৱনৰ পৰা সকলোধৰণৰ আৰ্থিক সমস্যা সমাধান হোৱাৰ লগতে সুখ-শান্তিয়ে বিৰাজ কৰে বুলি বিশ্বাস। ধন-ধানে উপচি পৰাৰ সম্ভাৱনা প্ৰকট হয়। এই দিনটোত দেৱীৰ আৰধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয়। এই দিনটোত মা লক্ষ্মী পৃথিৱীলৈ আহি ভক্তক আশীৰ্বাদ দিয়ে। প্ৰবাদ অনুসৰি সাগৰ মন্থনৰ পৰা ওলাই মা লক্ষ্মী ধৰালৈ আহে আৰু তাৰ পাছত প্ৰতিঘৰ লোকৰ ঘৰলৈ লক্ষ্মী দেৱী যায় বুলি বিশ্বাস কৰা হয়। আজিৰ দিনটোত যিসকল মহিলাই উজাগৰে থাকি মা লক্ষ্মীৰ পূজা-অৰ্চনা কৰে তেওঁলোকে বিশেষভাৱে লক্ষ্মীৰ আশিস-কৃপা লাভ কৰে বুলি বিশ্বাস কৰা হয়।ALSO READ:আজি শাৰদীয় দুৰ্গোত্সৱৰ মহাসপ্তমী।আজি ৰাজ্যৰ চুকে-কোণে আয়োজন মা লক্ষ্মী দেৱীৰ পূজা। লক্ষ্মীৰ পূজা উপলক্ষে বজাৰত উপলব্ধ ধানৰ ঠোক, ডাব নাৰিকল, পদুমৰ চকাকে ধৰি সৰু-বৰ প্ৰতিমা। গুৱাহাটীৰ বজাৰে বজাৰে উপলব্ধ হৈছে পূজাৰ প্ৰয়োজনীয় সামগ্ৰী। লক্ষ্মীৰ পূজা উপলক্ষে সনাতনী প্ৰতিঘৰ গৃহস্থীতে অংকন কৰা হৈছে আল্পনা। ভিন্নৰঙী আল্পনাৰ লগতে স্বস্তিকেৰে ঘৰ সজাই পৰাই তুলিছে ভক্তসকলে। লক্ষ্মী বন্দনাৰে মুখৰিত ৰাজ্যৰ মঠ-মন্দিৰ, দেৱালয়। AdvertismentAdvertisment Read the Next Article