"আজি মহাসপ্তমীপূজাথলীত নাই জাকজমকতা, নাই জনসমাগম আজি শাৰদীয় দুৰ্গোত্সৱৰ মহাসপ্তমী। নৱৰাত্ৰিৰ সপ্তমটো দিন। পুৱাই আৰম্ভ হয় শ্ৰীশ্ৰী দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ আৰু বিহিত পূজা। মহাসপ্তমীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আজি বিয়লি ৪.৩১ বজালৈ সপ্তমী তিথি। মহাসপ্তমীৰ দিনটোত দেৱীৰ সপ্তম ৰূপ মা কালৰাত্ৰীক পূজা কৰা হয়। প্ৰচলিত বিশ্বাস মতে সপ্তমী তিথিৰ পৰা আৰম্ভ হৈছিল মহিষাসুৰৰ লগত যুদ্ধ। ৪ দিনৰ যুদ্ধৰ অন্তত মা দেৱী দুৰ্গাই বধ কৰিছিল মহিষাসুৰক। মা কালৰাত্ৰীয়ে অসুৰক বধ কৰি ধৰ্ম ৰক্ষা কৰিছিল। Advertisment আপোন শিল্পী জুবিন গাৰ্গবিহীন এয়া শাৰদীয় দুৰ্গা পূজা। শিল্পীগৰাকীৰ অৱৰ্তমানত পূজা মণ্ডপ সমূহত পূৰ্বৰ দৰে নাই জাকজমকতা। কেৱল মাথোঁ নিয়মমাফিক চলিছে আধ্যাত্মিকতা। আজি মহাসপ্তমীৰ দিনটোতো ৰাজ্যৰ আন ঠাই সমূহৰ দৰে গুৱাহাটীৰ পূজা মণ্ডপ সমূহটো দেখা গ'ল ভক্তৰ সেৰেঙা উপস্থিতি। কাৰণ আপোন শিল্পীগৰাকীক অকালতে হেৰুওৱা ব্যথা যেন কোনেও মনৰ পৰা মচিব পৰা নাই। নোৱৰাটোৱেই স্বাভাৱিক। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত মৰ্মাহত হৈ পৰা ৰাজ্যবাসীৰ মাজত নাই পূজাৰ সেই আনন্দ। বিগত বৰ্ষৰ দৰে এইবাৰ দুৰ্গা পূজাত নাই পাৰভঙা আনন্দ, উছাহ। পুৰাতন ৰীতি-নীতিৰে চাকি-বন্তি জ্বলাই, শৰাই আগবঢ়াই ভক্তই মাৰ আশিস লৈছে। এইবাৰ পূজা মণ্ডপসমূহত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্গোত্সৱৰ সেমেকা উছাহ। বজালীৰ সৰুপেটাত আয়োজন কৰা হৈছিল শতবৰ্ষীয় দুৰ্গা পূজাৰ, কিন্তু নাই উছাহ-উদ্দীপনা। শতবৰ্ষীয় দুৰ্গা পূজাত ৰাইজৰ ভাৰাক্ৰান্ত মন। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰে ৰাইজ ৰৈ আছিল জুবিন গাৰ্গক আদৰিবলৈ। দুৰ্গা পূজাখনৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ ল"বলৈ চুক্তিবদ্ধ হৈছিল জুবিন। প্ৰায় এবছৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল পূজাখনৰ বাবে। জুবিন গাৰ্গৰ অনুষ্ঠানকলৈয়ো ৰাইজৰ মাজত আছিল উত্সাহ। কিন্তু বিধিৰ বিধানত সকলো ওলট-পালট হৈ গ"ল। সোঁশৰীৰে আহিব নোৱাৰিলেও পূজাথলীৰ প্ৰৱেশদ্বাৰত ফ্ৰেমত বন্দী কৰি ৰাখিলে জুবিনক। জুবিনৰ শোকত ৩ দিন পিছুৱাই আৰম্ভ কৰিছে পূজাৰ আনুষ্ঠানিকতা। শতবৰ্ষীয় পূজাভাগ আৰম্ভ হ"ল যদিও পূজাথলীত নাই জনসমাগম। "