Assamese'বেজৰ নাকতে খৰ'... তেজপুৰত ৰক্ষক ৰূপী আৰক্ষী ল'লে ভক্ষকৰ ৰূপবেজৰ নাকতে খৰ। তেজপুৰ খাকী পোচাকত লাগিল দাগ।ডকাইতি,ধন লুট মাৰপিট গুণ্ডামিত নামিল এইবাৰ তেজপুৰ আৰক্ষী। সদৌ অসম ছাত্ৰ সন্থাই নিজৰ পেডত এজাহাৰ লিখি এই বিস্ফোৰক অভিযোগ দিছে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে।Jyotishmoy Dutta Sep 10, 2025 15:01 IST'বেজৰ নাকতে খৰ'...তেজপুৰত ৰক্ষক ৰূপী আৰক্ষীয়ে ল'লে ভক্ষকৰ ৰূপ Photograph: (FILE PHOTO)'বেজৰ নাকতে খৰ'... তেজপুৰত ৰক্ষক ৰূপী আৰক্ষীয়ে ল'লে ভক্ষকৰ ৰূপ তেজপুৰত ৰক্ষকেই ৰূপ ললে ভক্ষকৰ। অসমীয়াত এষাৰ কথা আছে 'বেজৰ নাকতে খৰ'। কথাষাৰ যেন আখৰে আখৰে বাস্তৱ ৰূপ দিছে তেজপুৰ আৰক্ষীয়ে। অসম চৰকাৰ আৰু অসম আৰক্ষীৰ খাকী পোচাকত দাগ লগালে তেজপুৰ আৰক্ষীয়ে। কৈ বা লিখি থাকিলেও ওৰকে নপৰে একাংশ আৰক্ষীৰ ধনৰ প্ৰতি থকা দুৰ্বলতাৰ কথা। Advertismentতেজপুৰত আৰক্ষীৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰিলে সদৌ অসম ছাত্ৰ সন্থাই । তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে দাখিল হৈছে দুখনকৈ এজেহাৰ। কাৰণ এইবাৰ তেজপুৰ আৰক্ষী নামিল ডকাইতি,ধন লুট ,মাৰপিট আৰু গুণ্ডামিত। সদৌ অসম ছাত্ৰ সন্থাই নিজৰ পেডত এজাহাৰ লিখি এই বিস্ফোৰক অভিযোগ দিছে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে। তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাত আৰক্ষী চকীৰ ভাৰপাপ্ত আৰক্ষী বিষয়া আৰু টহলদাৰী আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে ধন লুটাৰ অভিযোগ। দোলাবাৰীত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য কৰণ গুপ্তাক নিশা কোনো কাৰণ নোহোৱাকৈ আৰক্ষীয়ে মাৰপিত কৰি বলপূৰ্বকভাবে ৯৫০০ টকা লুটি লৈ যোৱাৰ বিষ্ফোৰক অভিযোগ উত্থাপন হৈছিল। ঘটনাৰ সন্দৰ্ভত তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা লগতে শোণিতপুৰ জিলা জেষ্ঠ আৰক্ষী বিষয়ালৈ লিখিত অভিযোগ দাখিল কৰিছে কৰণ গুপ্তাই।অন্যহাতে, একেটা স্থানতে মোকতাৰ হুছেইন নামৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ী গৰাকীৰ লগত সংঘটিত হৈছে আৰক্ষীৰ গুণ্ডাগিৰি। দোলাবাৰীৰ মোকতাৰ হুছেইন নামৰ ব্যৱসায়ীৰ দোকানত চলিল আৰক্ষীৰ গুণ্ডাগিৰি। অন্যান্য দোকান খোলা ৰাখিবলৈ দি কেৱল মোকতাৰৰ চাহৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীয়ে। নিৰ্দেশ নমনাৰ বাবেই আৰক্ষীয়ে দোকানত কৰে আক্ৰমণ। দোকানৰ পৰা টকা কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে। অসম চৰকাৰ আৰু অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সচেতন জনতাই। অসম আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হৈ থকা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া লক্ষ্যনীয় হ'ব। Read the Next Article