Assameseবিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব SR২০২৬ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন কেইবাখনো নিৰ্বাচনমুখী ৰাজ্যৰ দৰে অসমত নহয় SIR৷ SIRৰ পৰিৱৰ্তে অসমত হ'ব SR। ঘোষণা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ।Mrinmoy Talukdar Nov 19, 2025 13:37 ISTFilephotoবিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব SR২০২৬ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন কেইবাখনো নিৰ্বাচনমুখী ৰাজ্যৰ দৰে অসমত নহয় SIR৷ SIRৰ পৰিৱৰ্তে অসমত হ'ব SR। ঘোষণা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ। Advertisment২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ’ব SR। ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যত চলিব বিশেষ পুনৰীক্ষণ। ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব নতুন ভোটাৰ তালিকা।কিন্তু প্ৰশ্ন হৈছে কাৰ কাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব আৰু কাৰ কাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব ?ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই কৰা মন্তব্য অনুসৰি সকলো যোগ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে অযোগ্যসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ব। লগতে ১০ ফেব্ৰুৱাৰীত প্ৰকাশ হ’বলগীয়া চূড়ান্ত ভোটাৰ তালিকাত প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব। আনহাতে SRৰ বাবে প্ৰতিগৰাকী লোকৰ ঘৰে ঘৰে যাব BLO। এবাৰ যদি ঘৰত মানুহ নাথাকে তেনেহলে এটা পৰিয়াললৈ তিনিবাৰকৈ যাব BLO। ২০২৬ৰ নিৰ্বাচনত ১৮২৬ ভোট কেন্দ্ৰ বাঢ়িব বুলিও ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই মন্তব্য কৰিছে। আনহাতে মুখ্য নিৰ্বাচনী বিষয়াই কৰা মন্তব্য অনুসৰি উচ্ছেদিত লোকে সকলেও ভোট দিব পাৰিব। উচ্ছেদৰ পাছত উচ্ছেদিত লোক সকল যি স্থানত আছে সেই স্থানত উচ্ছেদিত সকলে ভোটাধিকাৰৰ বাবে আবেদন কৰিব লাগিব। লগতে ফেব্ৰুৱাৰী মাহত অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে বুলিও ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই মন্তব্য কৰিছে। আনহাতে SRক লৈ প্ৰতিক্ৰিয়া দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এখন শুদ্ধ আৰু বিদেশীমুক্ত ভোটাৰ তালিকাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা প্ৰক্ৰিয়াক আদৰণি জনাইছে ৰাজ্য চৰকাৰে। সেয়েহে ভোটাৰ তালিকাৰ স্পেচিয়েল ছামাৰি ৰিভিজনৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা পদক্ষেপ আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। SSRৰ জৰিয়তে NRCত অন্তৰ্ভূক্ত হ’লেও ভোটাৰ তালিকা স্বচ্ছ কৰাৰ প্ৰক্ৰিয়াত সকলোৱে প্ৰমাণ দিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।AdvertismentAdvertisment Read the Next Article