Assameseবহু বিবাহ বন্ধ কৰাৰ বাবে বিধেয়কত অনুমোদন কেবিনেটৰআগন্তুক অসম বিধানসভাৰ অধিৱেশনত বহু বিবাহ বন্ধ কৰাৰ বাবে উত্থাপন কৰা হ’ব এখন বিধেয়ক। বহু বিবাহ ৰোধৰ ক্ষেত্ৰত অনা হ’ব বিধেয়কখন। দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আগন্তুক অসম বিধানসভাৰ অধিৱেশনত এই বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়।Jyotiprasad Sarma Nov 10, 2025 13:20 ISTবহু বিবাহ বন্ধ কৰাৰ বাবে বিধেয়কত অনুমোদন কেবিনেটৰ Photograph: (DY365)বহু বিবাহ কৰালেই ৭ বছৰৰ জে’ল!বহু বিবাহ বন্ধ কৰাৰ বাবে বিধেয়কত অনুমোদন কেবিনেটৰআগন্তুক অসম বিধানসভাৰ অধিৱেশনত বহু বিবাহ বন্ধ কৰাৰ বাবে উত্থাপন কৰা হ’ব এখন বিধেয়ক। বহু বিবাহ ৰোধৰ ক্ষেত্ৰত অনা হ’ব বিধেয়কখন। ৯ নৱেম্বৰ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আগন্তুক অসম বিধানসভাৰ অধিৱেশনত এই বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়। কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। AdvertismentAlso Read: জনজাতিকৰণৰ বিৰোধিতাৰে ১ লাখ ট্ৰাইবেল লোকৰ প্ৰতিবাদদেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, THE ASSAM PROHIBITION OF POLYGAMY BILL ২০২৫ অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক আগন্তুক হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব। এই বিধেয়কখন অইনত পৰিণত হ’লে কোনো লোকে এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব ৭ বছৰৰ জে’ল। বহু বিবাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকে শীঘ্ৰে নাপাব জামিন। এই বিধেয়কখন আইনত পৰিণত হ’লে সাৰি যাব নোৱাৰিব এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰোৱা লোকসকল। বহু বিবাহ কৰালে থাকিব লাগিব কাৰাগাৰাত। Also Read: অসমত এতিয়া ৰিক্সাচালক, ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি- মুখ্যমন্ত্ৰীআনহাতে বহু বিবাহৰ ভুক্তভোগী হোৱা মহিলাক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত এই বিধেয়কখনত সাহাৰ্য ব্যৱস্থা কৰা হৈছে। এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহাৰ্য। বহু বিবাহৰ ভুক্তভোগী হোৱা মহিলাই যাতে জীৱন নিৰ্বাহত কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সাহাৰ্য প্ৰদান কৰিব চৰকাৰে। বিধানসভাত বিধেয়কখন উত্থাপনৰ ক্ষেত্ৰত কেবিনেটত অনুমোদন জনোৱা হয়। বহু বিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত উত্থাপন হ’ব বিধেয়কখন। বহু বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ।অৱশ্যে এই বিধেয়কৰ পৰা বাহিৰত ৰখা হ’ব ৰাজ্যৰ জনজাতীয় লোকসকলক। একেদৰে ষষ্ঠ অনুসূচী এলেকাৰ লোকসকলকো এই বিধেয়কৰ বাহিৰত ৰাখিব চৰকাৰে। AdvertismentAdvertisment Read the Next Article