Advertisment

জনজাতিকৰণৰ বিৰোধিতাৰে ১ লাখ ট্ৰাইবেল লোকৰ প্ৰতিবাদ

ৰাজ্যত এফালে জনজাতিকৰণৰ দাবী আনফালে জনজাতিকৰণৰ বিৰোধিতা। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবীৰে উজনিৰ পৰা নামনিলৈ ধাৰাবাহিকভাৱে চলি থকা প্ৰতিবাদৰ মাজতেই এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে চৰকাৰলৈ হুংকাৰ। চৰকাৰলৈ এইবাৰ হুংকাৰ ১৪ টাকৈ জনজাতীয় সংগঠনৰ। 

 FILEPHOTO

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে কঁপিছে ৰাজ্য। ধাৰাবাহিকভাৱে উজনিৰ পৰা নামনি অসমৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগেৰে হাতে হাতে জোৰ লৈ ৰাজপথলৈ ওলাই আহিছে ৬ জনগোষ্ঠীৰ লোক। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিলে বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ ৬ জনগোষ্ঠীৰ লোকৰ। Z

কিন্তু জনজাতিকৰণৰ দাবীৰে চলি থকা প্ৰতিবাদৰ মাজতেই এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে চৰকাৰলৈ হুংকাৰ। চৰকাৰক হুংকাৰ ১৪টাকৈ জনজাতীয় সংগঠনৰ। ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে অস্তিত্বৰ সংকটত পৰিব ৰাজ্যৰ জনজাতিসমূহ। যাৰ বাবে সদৌ অসম ট্ৰাইবেল সংঘ, এবছুকে ধৰি জনজাতীয় সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ। সৰ্ববৃহৎ প্ৰতিবাদ, আন্দোলনেৰে অসম কঁপোৱাৰ গৰ্জন ১ লক্ষাধিক ট্ৰাইবেল জনজাতীয় লোকৰ। 

জনজাতিকৰণৰ বিৰোধিতাৰে সোমবাৰে সোণাপুৰৰ মিনি ষ্টেডিয়ামত বিশাল প্ৰতিবাদী গণ সমদল। ১ লক্ষাধিক ট্ৰাইবেল জনজাতি লোকে সাব্যস্ত কৰিব বিশাল গণ প্ৰতিবাদ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা ট্ৰাইবেল সংঘৰ। ট্ৰাইবেল সংঘৰ লগতে ১৪টাকৈ জনজাতীয় সংগঠনৰ আন্দোলনৰ হুংকাৰ। নিজৰ অস্তিত্ব ৰক্ষাৰ দাবীৰে অসম কপাঁবলৈ সাজু হৈছে জনজাতীয় সংগঠন সমূহে। বৰ্তমানৰ জনজাতি লোকসকলৰ মৰ্যদা, প্ৰাপ্য অধিকাৰ সুৰক্ষিতৰ দাবীৰে হ'ব কাইলৈ প্ৰতিবাদ। লগতে ট্ৰাইবেল জনজাতিসকলৰ দাবী নামানিলে পুনৰ বিশাল আন্দোলনৰ হুংকাৰ সংগঠনকেইটাৰ।

Advertisment
Advertisment