Assameseপ্ৰেমৰ সম্পৰ্কেৰে শাৰীৰিক সম্পৰ্ক কৰাটো ধৰ্ষণ নহয়, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দানপ্ৰেমৰ সম্পৰ্ক আৰু শাৰীৰিক সম্পৰ্কৰ সৈতে জড়িত এটা বিষয়ক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। আদালতৰ মতে যদি প্ৰেমৰ সম্পৰ্কত শাৰীৰিক সম্পৰ্ক সন্মতিসূচক হয়, তেন্তে তাক ধৰ্ষণ হিচাপে শ্ৰেণীভুক্ত কৰিব নোৱাৰি।Mrinmoy Talukdar Sep 13, 2025 18:52 ISTFILEPHOTOপ্ৰেমৰ সম্পৰ্কেৰে শাৰীৰিক সম্পৰ্ক কৰাটো ধৰ্ষণ নহয়, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দানAdvertismentপ্ৰেমৰ সম্পৰ্ক আৰু শাৰীৰিক সম্পৰ্কৰ সৈতে জড়িত এটা বিষয়ক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। আদালতৰ মতে যদি প্ৰেমৰ সম্পৰ্কত শাৰীৰিক সম্পৰ্ক সন্মতিসূচক হয়, তেন্তে তাক ধৰ্ষণ হিচাপে শ্ৰেণীভুক্ত কৰিব নোৱাৰি। যদি মহিলাগৰাকীয়ে আৰম্ভণিৰে পৰাই জানে যে সামাজিক কাৰণত তেওঁলোকৰ বিবাহ সম্ভৱ নহয় আৰু ইয়াৰ পিছতো মহিলাগৰাকীয়ে বছৰ বছৰ ধৰি সন্মতিসূচক শাৰীৰিক সম্পৰ্ক বজাই ৰাখে, তেন্তে ইয়াক ধৰ্ষণ হিচাপে শ্ৰেণীভুক্ত কৰা নহ'ব।ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালৰ বিচাৰপীঠে মহোৱা জিলাৰ চৰখাৰী থানা এলেকাৰ এগৰাকী মহিলাৰ আৱেদন খাৰিজ কৰাৰ সময়তে এই ৰায়দান কৰে। মহিলাগৰাকীয়ে তেওঁৰ সহকৰ্মীৰ বিৰুদ্ধে বিবাহৰ অজুহাতত ধৰ্ষণ আৰু ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন কৰিছিল।ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি ২০১৯ চনত জন্মদিনৰ পাৰ্টিৰ অজুহাতত মহিলাগৰাকীৰে সহকৰ্মী লেখপালে নামৰ ব্যক্তিজনে নিজৰ ঘৰলৈ ফোন কৰি মাদক দ্ৰব্য পান কৰাই ধৰ্ষণ কৰাৰ লগতে ভিডিঅ’ বনাই ব্লেকমেইল কৰা বুলি অভিযোগ কৰিছে। মহিলাগৰাকীৰ চেতনা ঘূৰি অহাৰ পিছত সহকৰ্মীজনে মহিলাগৰাকীক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও চাৰি বছৰৰ পাছত মহিলাগৰাকীক বিয়া কৰিবলৈ অস্বীকাৰ কৰিছিল। এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী বিষয়াক অভিযোগ দিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।ইয়াৰ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে অনুসূচিত জাতি-জনজাতিৰ বিশেষ আদালতত এজাহাৰ দাখিল কৰে, বিশেষ আদালতে মহিলাগৰাকীৰ এই অভিযোগ নাকচ কৰে। তাৰ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি আবেদন দাখিল কৰে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি লেখপাল নামৰ ব্যক্তিজনে লগত বছৰ বছৰ ধৰি মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিছিল কিন্তু তাৰ পিছত জাতিবাদী শব্দৰে মহিলাগৰাকীক অপমান কৰি বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল।ইয়াৰ পিছতে এলাহাবাদ উচ্চ ন্যায়ালয়ে ভুক্তভোগী মহিলাগৰাকীৰ আবেদন খাৰিজ কৰে। আবেদন নাকচ কৰি ন্যায়ালয়ে কয় যে মহিলাগৰাকীয়ে আৰম্ভণিৰে পৰাই জানিছিল যে সামাজিক কাৰণত তেওঁলোকৰ বিবাহ সম্ভৱ নহয়। তাৰ পিছতো যিহেতু তেওঁলোকে বছৰ বছৰ ধৰি সন্মতিসূচক সম্পৰ্ক বজাই ৰাখিছে, গতিকে এয়া ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি। AdvertismentAdvertisment Read the Next Article