Advertisment

অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ!

সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পৰৱর্তী লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ। ভৱিষ্যতে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব বুলিও মন্তব্য মুখ্যমন্ত্রীৰ। 

 Filephoto
Filephoto

অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ! 

এটাৰ পাছত আন এটা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পৰৱর্তী লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ। ভৱিষ্যতে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব বুলিও মন্তব্য মুখ্যমন্ত্রীৰ। 

Advertisment

অসমৰ বাবে এটা বাস্তৱ সত্য হ'ল যে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'বলৈ গৈ আছে। অসমীয়া মানুহখিনিক আমি কেনেদৰে বচাব পাৰো, কেনেদৰে আগবঢ়াই লৈ যাব পাৰো, তাৰ বাবে আমি বিগত ৫টা বছৰে কাম কৰি আছো। 

জাতি,মাটি, ভেটি ৰক্ষা কৰিবলৈ আগন্তুক বিধানসভাৰ অধিৱেশনত চৰকাৰে দুখন নতুন বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰীৰ মন্তব্য়, যোৱা ৩০ বছৰত বিগত ৫ বছৰত কৰাৰ দৰে প্ৰচেষ্টা হাতত ললে আজি আমি হয়তো সংকটত ভুগিব নালাগিলহেঁতেন। 

মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে। এই যুদ্ধখনক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। অৱশ্যে আগন্তুক বিধানসভাত কি নতুন বিধেয়ক আহিব এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।


ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্রীয়ে কয়, “গোৱালপাৰা আৰু বিহালীত ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে ৷ আমি কোনো কাম বন্ধ কৰা নাই ৷ অবৈধ বেদখল মুক্ত কৰাক লৈ আমাৰ অভিযান অব্যাহত থাকিব ৷” 


ডিব্ৰুগড়ত মহিলা  উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰামনাত্মক ৰূপত দেখা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। দুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপাৰাত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল যে '২৬ৰ নিৰ্বাচনত বিজেপি জয়ী হলে মিঠাতেলো ফ্ৰী দিব চৰকাৰে। মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিক লৈ বিৰোধীয়ে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীক। তাৰ পাছতেই কংগ্ৰেছ দলৰ লগতে গৌৰৱ গগৈকো আক্ৰমনৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীয়ে। 


মুখ্যমন্ত্ৰীৰ মন্তব্য আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷ ৰাইজলৈ বুলি পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- "মই মহিলাসকলক অৰুণোদয় আঁচনি দি ভুল কৰিছো নেকি? মহিলা উদ্যমিতা আঁচনি দি ভুল কৰিছো নেকি? ৰন্ধন চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি মই ভুল কৰিছো নেকি? নিযুত মইনা আঁচনি দি মই ভুল কৰিছো নেকি"?