Advertisment

অসমত এতিয়া ৰিক্সাচালক, ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি- মুখ্যমন্ত্ৰী

নতুন অসম গঢ়াৰ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য- এতিয়া ৰিক্সাচালক আৰু ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি।  অসমক একাংশই নেপালত পৰিণত কৰিব খোজা মানসিকতাক ধিক্কাৰ দি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।

 FILEPHOTO
FILEPHOTO

অসমত এতিয়া ৰিক্সাচালক, ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি- মুখ্যমন্ত্ৰী

Advertisment

আবেগক বাদ দি যুক্তিৰ ভিত্তিত নতুন অসম গঢ়াৰ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ মন্তব্য- এতিয়া ৰিক্সাচালক আৰু ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি।  অসমক একাংশই নেপালত পৰিণত কৰিব খোজা মানসিকতাক ধিক্কাৰ দি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।


আজি ৫,৫৫০ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। LP পৰ্যায়ত ৩,৮০০ শিক্ষক নিযুক্তি প্ৰদান কৰাৰ লগতে UP পৰ্যায়ত ১৭৫০ শিক্ষকক নিযুক্তি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। নিযুক্তি পত্ৰ বিতৰণ কৰিয়েই মুখ্যমন্ত্ৰীয়ে দিলে অহা ৫ বছৰত পুনৰ ৩ লাখ প্ৰাৰ্থীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি। অৰ্থাত এতিয়া ১.৫ লাখ নিযুক্তি প্ৰদানৰ দিশে ৰাজ্য চৰকাৰ। 

খানাপাৰাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ মন্তব্য- এতিয়া ৰিক্সাচালক আৰু ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি। আলফাৰ আন্দোলনৰ নামত আমি ২০ হাজাৰ ডেকা ল'ৰাক হেৰুৱালো। ৰাজপথৰ আন্দোলন কৰি আমি একো নাপালো। মুখ্যমন্ত্ৰীৰ মতে আন্দোলন কৰি হতাশাৰ বাহিৰে একো নাপায়। আন্দোলন নকৰা বাবে- অসমত হৈছে ২৫খন মেডিকেল কলেজ আৰু ২০খন অভিযান্ত্ৰিক মহাবিদ্যালয়। ৰাজ্যত নতুনকৈ স্থাপন হৈছে ১৬খন বিশ্ববিদ্যালয়। অসমক একাংশই নেপালত পৰিণত কৰিব খোজা মানসিকতাক ধিক্কাৰ দি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। 

বিগত বিধান সভা নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো আমি ১ লাখ যুৱকক চাকৰি দিম। মই ৰাজ্যৰ ১৫সংখ্যক মুখ্যমন্ত্ৰী। মোৰ পূৰ্বে নিযুক্তি ফালৰ পৰা কোনো এখন চৰকাৰ বা কোনো এজন মুখ্যমন্ত্ৰীয়ে ২০-২৫ হাজাৰতকৈও চাকৰি দিব পৰা নাছিল। ইয়াৰ পূৰ্বে চৰকাৰী চাকৰি দিয়াৰ সময়ত সমূহত বহুত জটিলতা আছিল। কিন্তু মই খালী থকা পদ আৰু নতুন পদ সৃষ্টি কৰি এই মুহূৰ্তলৈ ১ লাখ ২১ হাজাৰ ২৪০ জনক নিযুক্তি দিলো। বিৰোধীয়ে আগতে মোক ১ লাখ চৰকাৰী চাকৰি কেতিয়া দিম বুলি প্ৰশ্ন কৰিছিল, কিন্তু আজি কালি এই বিষয়ক লৈ কোনেও প্ৰশ্ন নকৰে। বৰ্তমান আমাৰ ৰাজ্যত ভাবিব নোৱাৰাকৈ পৰিবৰ্তন আহিছে।

Advertisment
Advertisment