Advertisment

হাজাৰ হাজাৰ আদিবাসী লোকে কঁপাই তুলিলে ওদালগুৰি

আজি ওদালগুৰি আৰু টংলাত হাজাৰ হাজাৰ আদিবাসী জনগোষ্ঠীৰ লোকে কপাঁই তুলিলে সমগ্ৰ ওদালগুৰি জিলা। আদিবাসীসকলৰ মূল সমস্যা ভূমি পট্টা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল লক্ষাধিক আদিবাসী লোক।

 হাজাৰ হাজাৰ আদিবাসী লোকে কঁপাই তুলিলে ওদালগুৰি Photograph: (DY365)
হাজাৰ হাজাৰ আদিবাসী লোকে কঁপাই তুলিলে ওদালগুৰি Photograph: (DY365)

হাজাৰ হাজাৰ আদিবাসী লোকে কঁপাই তুলিলে ওদালগুৰি


জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আদিবাসী জনগোষ্ঠীৰ প্ৰতিবাদ। আজি ওদালগুৰি আৰু টংলাত হাজাৰ হাজাৰ আদিবাসী জনগোষ্ঠীৰ লোকে কপাঁই তুলিলে সমগ্ৰ ওদালগুৰি জিলা। আদিবাসীসকলৰ মূল সমস্যা ভূমি পট্টা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল লক্ষাধিক আদিবাসী লোক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ আদিবাসী লোকৰ। 

Advertisment

Also Read: বিজেপিয়ে ৰাজ্যৰ পিছপৰা মানুহক ঘৃণাৰ চকুৰে চাইঃ ৰাজেন গোহাঁইৰ বিস্ফোৰণ

আদিবাসী ছাত্ৰ সন্থা, আটছা আদি কেইবাটাও দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা টংলা চহৰলৈ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি বিশাল পদযাত্ৰা বাহিৰ কৰে প্ৰতিবাদী সমদলে। জনজাতিকৰণ, ভূমি পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আছাৰ বিশাল গণসমাবেশত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। 

Also Read: ব্ৰাজিলৰ ম’ডেলৰ ফটোৰে ২২খনকৈ ভোটাৰ কাৰ্ড। হাৰিয়ানাত ভুৱা ভোটাৰে বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে কঁপাই তোলে আকাশ-বতাহ। জনজাতিকৰণ, ভূমি পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত উলিওৱা আছাৰ বিশাল গণসমাবেশত অংশগ্ৰহণ কৰা হাজাৰ হাজৰ প্ৰতিবাদকাৰীয়ে ন এছ টি ন ৰেষ্ট, বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ গ' বেক আদি ধ্বনিৰে ওদালগুৰি আৰু টংলাৰ আকাশ-বতাহ কঁপাই তোলে৷

Also Read: জুবিনময় হৈ পৰিছে ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ

আদিবাসীসকলক প্ৰতিখন চৰকাৰে মাহী আইৰ দৃষ্টিৰে চাই অহাৰ লগতে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীৰ সমস্যা সমাধান নহ’লে ভোট বৰ্জনৰ হুংকাৰ আদিবাসী লোকৰ। 

ওদালগুৰি আৰু টংলাত বিশাল গণ সমাবেশৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আদিবাসী জনগোষ্ঠীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি দাবী জনাই চৰকাৰক। 

Advertisment
Advertisment