Advertisment

জুবিনময় হৈ পৰিছে ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ

ৰাজ্যজুৰি ৰাসৰ উখল-মাখল পৰিৱেশ। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাস মহোৎসৱ। হৰি নামৰ ৰসেৰে মুখৰ হৈছে প্ৰতিখন সত্ৰ, প্ৰতিটো নামঘৰ। সকলো স্থানতে ৰখা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা।

 FILEPHOTO
FILEPHOTO

জুবিনময় হৈ পৰিছে ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ

ৰাজ্যজুৰি ৰাসৰ উখল-মাখল পৰিৱেশ। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাস মহোৎসৱ। হৰি নামৰ ৰসেৰে মুখৰ হৈছে প্ৰতিখন সত্ৰ, প্ৰতিটো নামঘৰ। সকলো স্থানতে ৰখা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা।

Advertisment

শৰত কালৰ ৰাত্ৰি অতি বিতোপন। ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন। জুবিনময় হৈ পৰিছে ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। আজিৰে পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ। ৬ নৱেম্বৰ অৰ্থাত কাইলৈ ৮ হাজাৰ লোকে একেলগে পৰিবেশন কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত। দিগন্ত ভাৰতীৰ নেতৃত্বত গৰ্ডন খেলপথাৰত চলিছে শেষ আখৰা। 

আজিৰে পৰা নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰৰ ৯২ সংখ্যক ৰাস মহোৎসৱ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই কাইলৈ নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত একেলগে ৮ হাজাৰ নলবৰীয়া শিল্পী অনুৰাগীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ গীত। ইতিমধ্যে ৰাস মহোৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মৃণ্ময় মূৰ্তি ৰাস, পুতলা ৰাস আৰু জীৱন্ত ৰাস-এই তিনিবিধ ৰাসৰ সমাহাৰ ঘটিব নলবাৰীৰ ৰাস মহোৎসৱত ৷

নলবাৰী ৰাস মহোৎসৱৰ মূল গেটত আছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ৰাস মহোৎসৱত প্ৰস্তুত কৰা হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিচ্ছবি আৰু এখন গীটাৰ । ইতিমধ্যে গীটাৰৰ কাম সম্পূৰ্ণ হৈ উঠিছে যদিও অন্তিম পৰশত ব্যস্ত শিল্পীসকল । হৰিমন্দিৰৰ বাকৰিতেই থাকিব এই গীটাৰখনৰ লগতে শিল্পীগৰাকীৰ প্ৰতিচ্ছবি । সংগীতৰ মহানায়ক গৰাকীৰ ৫২ বছৰ বয়সত মহাপ্ৰয়াণ হেতুকে ৫২ ফুট উচ্চতাৰ হ'ব এই প্ৰতিচ্ছবি ।


পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ । ইতিমধ্য়ে প্ৰায় সম্পূৰ্ণ হৈছে ৰাস মহোৎসৱৰ প্ৰস্তুতিপৰ্ব । এইবাৰ মৃণ্ময় মূৰ্তি ৰাস, পুতলা ৰাস আৰু জীৱন্ত ৰাস এই তিনিবিধ ৰাসৰ সমাহাৰ ঘটিব নলবাৰীৰ ৰাস মহোৎসৱত ৷

Advertisment
Advertisment