Assameseব্ৰাজিলৰ ম’ডেলৰ ফটোৰে ২২খনকৈ ভোটাৰ কাৰ্ড। হাৰিয়ানাত ভুৱা ভোটাৰে বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ ৰাহুল গান্ধীৰআকৌ এবাৰ ৰাহুল গান্ধীৰ টাৰ্গেট নিৰ্বাচন আয়োগ। হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভুৱা ভোটাৰে বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ। ভোট চুৰিৰ ব্যৱস্থাৰে বিজেপিয়ে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া ধ্বংস কৰাৰ অভিযোগ ৰাহুলৰ।DY365 Nov 05, 2025 19:21 ISTভোট চুৰিৰ অভিযোগৰ হাইড্ৰ’জেন বোমা ৰাহুল গান্ধীৰসীমা, ছুইটী অথবা সৰস্বতী। নাম অনেক, কিন্তু ফটো এখনেই। ব্ৰাজিলৰ মডেলৰ ফটোৰে হাৰিয়ানাত ২২খন ভোটাৰ কাৰ্ড। ১০টা বুথত ভোট দিছিল ব্ৰাজিলৰ ম’ডেল মেথিউজ ফেৰেৰ’ই। দিল্লীত আকৌ এবাৰ সংবাদ মেল পাতি তথ্য প্ৰমাণসহ ভোট চুৰিৰ অভিযোগৰ হাইড্ৰ’জেন বোমা ৰাহুল গান্ধীৰ। AdvertismentALSO READ: জুবিনময় হৈ পৰিছে ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ২০২৪ত হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰি ক্ষমতা দখল কৰা বিজেপিয়ে ভোট চুৰি কৰাৰ অভিযোগেৰ বিপৰীতে ৰাহুল গান্ধীৰ সবল তথ্য প্ৰমাণ আৰু যুক্তি। ৰাহুল গান্ধীৰ অভিযোগ– হাৰিয়ানাৰ ২ কোটি ভোটাৰৰ ২৫ লাখেই ভুৱা। মুঠ ভোটাৰৰ ১২ শতাংশ জাল ভোটেৰে জিকিছিল বিজেপি। হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ অতি কম ব্যৱধানত ৮টা সমষ্টিত পৰাভূত হৈছিল। মুঠ ২২,৭৭৯টা ভোটৰ ব্যৱধানত ৮টাকৈ সমষ্টি বিজেপিলৈ যোৱাৰ আঁৰত ভুৱা ভোটাৰৰ ভোট থকাৰ সন্দেহ কংগ্ৰেছ নেতাজনৰ। ৰাহুল গান্ধীৰ দাবী– গণতান্ত্ৰিক প্ৰক্ৰিয়া ধ্বংস কৰি বিজেপিয়ে লৈছিল বিশেষ ‘ব্যৱস্থা’। নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মিতিৰালিৰ অভিযোগ ৰাহুলৰ। নিৰ্বাচন আয়োগ আৰু ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক লৈ প্ৰশ্ন ৰাহুলৰ। হাৰিয়ানাত ভোট চুৰিৰ অভিযোগৰ সপক্ষে ৰাহুল গান্ধীৰ আন এক বিস্ফোৰক প্ৰমাণ।ALSO READ: প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচহাৰিয়ানাত এগৰাকী মহিলাৰ ফটোৰে ১০০ ভোটাৰ কাৰ্ড। আন এগৰাকী মহিলাৰ ২২৩বাৰকৈ নাম আছে ভোটাৰ তালিকাত। কেৱল এয়াই নহয়, ৰাহুল গান্ধীৰ অভিযোগ– নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। হাৰিয়ানাত ভোটাৰ তালিকাৰ পৰা ডিলিট কৰা হৈছিল ৩.৫ লাখ ভোটাৰ। কংগ্ৰেছ সমৰ্থকসকলৰ নাম ডিলিটৰ অভিযোগ ৰাহুলৰ।ALSO READ: পদুম এৰি জাহাজত উঠিল ৰাজেন গোহাঁইসমান্তৰালভাৱে ৰাহুলৰ আন এক গুৰুতৰ অভিযোগ। বিজেপিৰ নেতা সমৰ্থকৰ ভোট আছে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত দুয়োখন ৰাজ্যতে বিজেপি সমৰ্থকে ভোট দিয়াৰ অভিযোগ ৰাহুলৰ। এনে কাৰণতে নিৰ্বাচন আয়োগে ভোট কেন্দ্ৰৰ চিচিটিভি ফুটেজ ডিলিট কৰা বুলি দাবী ৰাহুলৰ। একেদৰে ভোটাৰ তালিকাৰ ঠিকনাক লৈ ৰাহুলে পূৰ্বে উত্থাপন কৰা অভিযোগৰ নিৰ্বাচন আয়োগে দিয়া প্ৰত্যুত্তৰৰ বিপৰীতে নতুন অভিযোগ ৰাহুলৰ। হাউছ নম্বৰ জিৰ’ ঠিকনাত একেটা ঘৰতে শ শ ভোটাৰ। এনেদৰে বিজেপিক সহায় কৰিবলৈ নিৰ্বাচন আয়োগে পৰিকল্পিতভাৱে ভোটাৰ তালিকাত ভুৱা ভোটাৰ অন্তৰ্ভুক্তি আৰু কংগ্ৰেছৰ সমৰ্থকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বিহাৰতো নিৰ্বাচন আয়োগ আৰু বিজেপিৰ অনুৰূপ ‘ব্যৱস্থা’ৰ অভিযোগ। বিহাৰৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা লোক হাজিৰ হ’ল সংবাদমেলত।ALSO READ: অবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি মুখ্যমন্ত্ৰীৰৰাহুল গান্ধীৰ এনে আক্ৰমণাত্মক সংবাদমেলৰ পিছত নিৰ্বাচন আয়োগৰ সূত্ৰই হাৰিয়ানাত ভোটদানৰ সময়ত ভোটকেন্দ্ৰসমূহত কংগ্ৰেছৰ এজেণ্টে কি কৰি আছিল বুলি উত্থাপন কৰি আছিল বুলি প্ৰশ্ন তুলিছে। একেদৰে ভোটাৰ তালিকাৰ সংশোধনী ৰাহুলে সমৰ্থন কৰে নে বিৰোধিতা সেই লৈও তুলিছে প্ৰশ্ন। AdvertismentAdvertisment Read the Next Article