Assameseপ্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচএক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হবলৈ গৈ আছে গুৱাহাটী। প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। Mrinmoy Talukdar Nov 05, 2025 13:10 ISTFILEPHOTOপ্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচএক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হবলৈ গৈ আছে গুৱাহাটী। প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। Advertismentৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে এটা ঐতিহাসিক ক্ষণ। প্ৰথমবাৰলৈ বৰ্ষাপাৰাত অনুষ্ঠিত হব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট মেচ। ঐতিহাসিক টেষ্টখনৰ মেচৰ টিকট বিক্ৰী আজিৰে পৰা আৰম্ভ হ’ব। ক্ৰিকেটপ্ৰেমীয়ে BookMyShow (বিএমএছ) এপৰ জৰিয়তে টিকট বুকিং কৰি ঐতিহাসিক টেষ্টখন চাব পাৰিব। ক্ৰিকেটপ্ৰেমীক উৎসাহিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ টিকটৰ মূল্য ৫০ টকা কৰাৰ বিপৰীতে সাধাৰণ ষ্টেণ্ডৰ টিকটৰ মূল্য ১০০ টকা ধাৰ্য কৰা হৈছে।লক্ষণীয়ভাৱ বৰ্ষাপাৰাই প্ৰথমবাৰৰ বাবে টেষ্ট মেচ আয়োজন কৰিব। বৰ্ষাপাৰাত হ’বলগা এই মেচখনত এক ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। যদি এই পৰিৱৰ্তন ঘটে, তেতিয়াহ’লে টেষ্ট ক্ৰিকেটত পূৰ্বে নোহোৱা এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যাব বৰ্ষাপাৰাতে।এই পৰিৱৰ্তনটো এনেকুৱা-টছ, দুপৰীয়াৰ আহাৰ, চাহ বিৰতি, ষ্টাম্প -এয়াই হৈছে টেষ্ট ক্ৰিকেটৰ নিয়ম। পিছে বৰ্ষাপাৰাত হ’বলগীয়া দ্বিতীয় টেষ্টত এই ক্ৰম সলনি হ’ব। এই মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বেই চাহ বিৰতি হ’ব পাৰে। ভাৰতৰ টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখিবলৈ পোৱা যাব।ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি প্ৰথমবাৰৰ বাবে খেলুৱৈসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহ বিৰতি ল’ব। এই অঞ্চলত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় পৰিৱৰ্তনৰ বাবে এই সিদ্ধান্ত লোৱা হ’ব পাৰে। সেই অনুসৰি পুৱা ৯ বজাৰ পৰা ১১ বজালৈ প্ৰথম ছেচন, ইয়াৰ পিছত পুৱা ১১ বজাৰ পৰা ১১:২০ বজালৈ চাহ বিৰতি হ’ব।দ্বিতীয় ছেচন পুৱা ১১:২০ বজাৰ পৰা ১:২০ বজালৈ হ’ব। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি ১:২০ বজাৰ পৰা ২:০০ বজালৈ হ’ব, আনহাতে তৃতীয় ছেচন দুপৰীয়া ২:০০ বজাৰ পৰা ৪:০০ বজালৈ হ’ব। অৰ্থাৎ বৰ্ষাপাৰাত হ’বলগা ভাৰত–দক্ষিণ আফ্ৰিকাৰ এই মেচখন পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিয়লি ৪:০০ বজাত অন্ত পৰিব।ভাৰতত সাধাৰণতে পুৱা ৯:৩০ বজাৰ পৰা টেষ্ট মেচ আৰম্ভ হয়। ইয়াৰ পিছত পুৱা ১১:৩০ বজাৰ পৰা ১২:১০ বজালৈ আহাৰ গ্ৰহণৰ বিৰতি আৰু তাৰ পিছত দ্বিতীয় ছেচন আৰম্ভ হয়। দুয়োটা দলে দুপৰীয়া ২:১০ৰ পৰা ২:৩০ বজালৈ ২০ মিনিটৰ চাহৰ বিৰতি লয়। ইয়াৰ পিছতে বিয়লি ২:৩০ বজাৰ পৰা ৪:৩০ বজালৈ তৃতীয় ছেচন অনুষ্ঠিত হয়।শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব দক্ষিণ আফ্ৰিকাই। দুয়োটা দলে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব। শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ অহা ১৪ নৱেম্বৰৰ পৰা কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন টেষ্ট ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।AdvertismentAdvertisment Read the Next Article