Assameseঅবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি মুখ্যমন্ত্ৰীৰঅবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বেদখলকাৰীৰ পৰা আজুৰি অনা হ'ব প্ৰতি ইঞ্চি মাটি। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- বেদখলকাৰীৰ পৰা মাটি আজুৰি আনিব নোৱাৰিলে মোৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই।Mrinmoy Talukdar Nov 05, 2025 13:01 ISTFILEPHOTOঅবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি মুখ্যমন্ত্ৰীৰঅবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বেদখলকাৰীৰ পৰা আজুৰি অনা হ'ব প্ৰতি ইঞ্চি মাটি। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- বেদখলকাৰীৰ পৰা মাটি আজুৰি আনিব নোৱাৰিলে মোৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই।Advertismentমঙলবাৰে অন্ত পৰিল বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। ৰঘুনাথপুৰ বিধানসভা সমষ্টিৰ এখন নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। বিহাৰৰ পৰাই অবৈধ বেদখলকাৰীৰ সকীয়ণি দি মুখ্যমন্ত্ৰীয়ে ক'লে- 'অবৈধ বেদখলকাৰীয়ে কৱলত কৰা থকা ১ লাখ একৰ ভূমি দখল মুক্ত কৰা হ'ব। এইপৰ্যন্ত বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে ৫০ হাজাৰ একৰ ভূমি'। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- 'নৰেন্দ্ৰ মোদীয়ে যদি ৰামমন্দিৰ বনাব পাৰে, ময়ো বেদখলকাৰীক উচ্ছেদ কৰিব পাৰিম। বেদখলকাৰীৰ পৰা মাটি আজুৰি আনিব নোৱাৰিলে মোৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই'। আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- 'কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অবৈধ বেদখলকাৰীয়ে দখল কৰা ভূমি দখলমুক্ত কৰিবলৈ বা উচ্ছেদ কৰিবলৈ চৰকাৰী বিষয়াসকল অপাৰগ আছিল'। চৰকাৰী বিষয়াসকলে মোৰ ওচৰলৈ আহি কৈছিল যে- 'অবৈধ বেদখলকাৰীয়ে অসমৰ ১ লাখ একৰ ভূমি দখল কৰিছে। এইসকল অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আমাৰ হাতত পৰ্যাপ্ত বুলড'জাৰো নাই, আৰক্ষীও নাই। গতিকে অবৈধ বেদখলকাৰীসকলে যাতে পুনৰ ভূমি বেদখল কৰিব নোৱাৰে, সেয়া ৰোধ কৰিবলৈহে আমি চিন্তা কৰিব লাগে'। কিন্তু মই চৰকাৰী বিষয়াসকলৰ কথা শুনি সিদ্ধান্ত লৈছিলো যে- যেনেকৈ হলেও মই চৰকাৰী ভূমি বেদখলমুক্ত কৰিমেই। নৰেন্দ্ৰ মোদীয়ে যদি ৰাম মন্দিৰ বনাব পাৰে, ময়ো বেদখলকাৰীক উচ্ছেদ কৰিব পাৰিম। তাৰ পাছতেই এইপৰ্যন্ত মই ৫০ হাজাৰ একৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছো। বিহাৰত হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা- 'দেশত হিন্দু জাগিলে কোনো বাবৰ, কোনো ঔৰংগজেৱৰ নিষ্ঠাৰ নাই '।AdvertismentAdvertisment Read the Next Article