Assameseপদুম এৰি জাহাজত উঠিল ৰাজেন গোহাঁইপদুম এৰাৰ পাছত আজি জাহাজত উঠিল ৰাজেন গোহাঁই। আনুষ্ঠানিকভাৱে আজি অসম জাতীয় পৰিষদত যোগদান কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিজনে। ৰাজেন গোহাঁইৰ যোগদানে অসম জাতীয় পৰিষদক শক্তিশালী কৰিব বুলি মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। Mrinmoy Talukdar Nov 05, 2025 13:05 ISTFILEPHOTOপদুম এৰি জাহাজত উঠিল ৰাজেন গোহাঁইপদুম এৰাৰ পাছত আজি জাহাজত উঠিল ৰাজেন গোহাঁই। আনুষ্ঠানিকভাৱে আজি অসম জাতীয় পৰিষদত যোগদান কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিজনে। ৰাজেন গোহাঁইৰ যোগদানে অসম জাতীয় পৰিষদক শক্তিশালী কৰিব বুলি মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। Advertismentদীৰ্ঘদিনীয়া অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত বিজেপি ত্যাগ কৰিছিল ৰাজেন গোহাঁয়ে। নগাঁৱৰ পৰা একেৰাহে ৪বাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদগৰাকীক বিগত সময়ছোৱাত বিজেপিত যথেষ্ট অসন্তুষ্ট দেখা গৈছিল। ন-পুৰণিৰ প্ৰসংগই বাৰে বাৰে স্থান পাইছিল ৰাজেন গোহাঁইৰ ভাষ্যত। উল্লেখ্য যে এসময়ত ৰাজ্যত বিজেপিৰ কোনো সংগঠন নথকাৰ সময়ত ৰাজ্যিক বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দি দলটোৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে নগাঁও সংসদীয় সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰকৈ বিজয়ী হৈছিল গোহাঁই । আনকি ২০১৪ত নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত ৰে’ল ৰাজ্যমন্ত্ৰী ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ড:হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত গোঁহাইক কেবিনেট মৰ্যাদা দি খাদ্য আৰু অসামৰিক নিগমৰ অধ্যক্ষৰ দায়িত্বও অৰ্পণ কৰা হৈছিল ৷ কিন্ত একাদিক্ৰমে ২০১৯ আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত দলীয় টিকট লাভৰ পৰা বঞ্চিত হৈছিল ৰাজেন গোঁহাই৷ একেদৰে ৰাজ্যসভাৰ সদস্যৰ পদৰ পৰাও হৈছিল বঞ্চিত কৰা হৈছিল তেওক। যাৰ বাবে দলৰ ভিতৰত থাকিও সময়ে সময়ে ক্ষোভত কৰা কেতবোৰ মন্তব্যই দলৰ মজিয়াৰ পৰা ক্ৰমাৎ একাষৰীয়া কৰিছিল ৰাজেন গোহাঁইক ।ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰি সংবাদমাধ্যমৰ সন্মুখত বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰিছিল ৰাজেন গোঁহায়ে । গোঁহায়ে কৈছিল, "আজি যিটো পৰিৱেশ, পৰিস্থিতি দেখিছোঁ, বাহিৰৰ দলৰ পৰা মানুহ আনি জীৱনৰ সোণোৱালী জীৱন-যৌৱন দলটোত পাৰ কৰা আমাৰ পুৰণা মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়া মানুহ কোনো নাই । বাহিৰৰ পৰা পিছত অহা মানুহে যাৰ যি ইচ্ছা তেনেদৰেই আমাক ব্যৱহাৰ কৰিব পাৰে।" আনহাতে অজাপক যোগদানৰ পূৰ্বে ৰাজেন গোহাঁইক শুভেচ্ছা জনালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আনহাতে ৰাজেন গোহাঁইৰ যোগদানক লৈ মন্তব্য কৰিছিল অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। লুৰীণজ্যোতি গগৈয়ে কৈছিল- ৰাজেন গোহাঁইৰ যোগদানে শক্তিশালী কৰিব অসম জাতীয় পৰিষদক। ২৬ নিৰ্বাচনলৈ বহু পৰিকল্পনা আছে। ৰাজেন গোহাঁইৰ যোগদান মাথোঁ আৰম্ভণিহে বুলিও মন্তব্য লুৰীণজ্যোতি গগৈৰ। জাতীয়তাবাদী ৰাজনীতিৰ বাবে বহু কেইটা ভাল খবৰ থকা বুলিও মন্তব্য লুৰীণজ্যোতি গগৈৰ।AdvertismentAdvertisment Read the Next Article