Advertisment

‘CAA আমি নামানো, অসমে কেতিয়াও বিদেশীৰ বোজা নলয়’, হুংকাৰ অসমীয়া যুৱ মঞ্চৰ

‘নৰেন্দ্ৰ মোদীয়ে বুকু ফুলাই কোৱা ১৬ মে’ কেতিয়া আহিব?’ ‘বিদেশী খেদাৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে বিজেপি’। ‘গাদী ৰক্ষাৰ স্বাৰ্থত বিদেশীক বৰপীৰা পাৰি দিছে মুখ্যমন্ত্ৰীয়ে’।

CAA ২০১৯ বাতিলৰ দাবীত শিৱসাগৰত উত্তাল প্ৰতিবাদ। অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ এই উত্তাল প্ৰতিবাদ। প্ৰতিবাদস্থলীৰ পৰাই বিজেপি চৰকাৰক হুংকাৰ প্ৰতিবাদকাৰীৰ।  ‘নৰেন্দ্ৰ মোদীয়ে বুকু ফুলাই কোৱা ১৬ মে’ কেতিয়া আহিব?’ বুলিও প্ৰশ্ন প্ৰতিবাদকাৰীৰ।  ‘বিদেশী খেদাৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে বিজেপি’। 

Advertisment

‘গাদী ৰক্ষাৰ স্বাৰ্থত বিদেশীক বৰপীৰা পাৰি দিছে মুখ্যমন্ত্ৰীয়ে’। ‘২০২৬ৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব বিজেপিয়ে’। CAA কোনো কাৰনতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। আৰু লগতে  অসমে কেতিয়াও বিদেশীৰ বোজা নলয় বুলিও গৰ্জন। ‘অসমৰ বিকাশৰ কথা ভাবিবলৈ সময় নাই বিজেপিৰ নেতা-পালিনেতাৰ’। ‘কেৱল দুৰ্নীতিৰে টকাৰ পাহাৰ গঢ়াত লাগিছে বিজেপিৰ মন্ত্ৰী-বিধায়কে’। অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদত কঁপিল শিৱসাগৰ চহৰ। শিৱসাগৰ দ’লমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ কৰ্মীসকলে।  অসমীয়া যুৱ মঞ্চৰ কৰ্মীসকলে দাহ কৰে মুখ্যমন্ত্ৰীৰ পুত্তলিকাও।