Advertisment

'জুবিন গাৰ্গৰ ঘটনাত নাম সাঙোৰ খাইছে মোৰ ভাতৃৰ': পদত্যাগ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে পদত্যাগ কৰিলে ভাস্কৰজ্যোতি মহন্তই।

 'জুবিন গাৰ্গৰ ঘটনাত নাম সাঙোৰ খাইছে মোৰ ভাতৃৰ': পদত্যাগ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে পদত্যাগ কৰিলে ভাস্কৰজ্যোতি মহন্তই। শ্যামকানু মহন্তৰ বিৰুদ্ধে ইতিমধ্যে দাখিল হৈছে কেইবাখনো RTI আবেদন। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰিলে ভাস্কৰজ্যোতি মহন্তই। ইতিমধ্যে ৰাজ্যপাললৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰিছে মহন্তই। 

Advertisment

Also Read: MBBS? More Like “Messed-Up Bogus Bluffer of Cachar, Assam

পদত্যাগৰ পিছত সামাজিক মাধ্যমত ভাস্কৰজ্যোতি মহন্তই লিখিলে দীঘলীয়া পোষ্ট। তেওঁ উল্লেখ কৰে যে- ‘বিশেষ পৰিস্থিতিত কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই পদ এৰাৰ সিদ্ধান্ত লৈছোঁ। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙোৰ খাই পৰিছে। ইমান দিনে তেনে কোনো আবেদন নহাত মই পদ এৰা নাছিলো। কিন্তু এনে আবেদন আহিলে মই পদ এৰিম বুলি সিদ্ধান্ত লৈ থৈছিলো। মোৰ ভাতৃ সম্পৰ্কীয় তথ্য বিচাৰি অহা আবেদনৰ পিছতে মই এই সিদ্ধান্ত ল’লো। মানুহৰ মনত যাতে তিলমানো সন্দেহৰ অৱকাশ নাথাকে তাৰ স্বাৰ্থতে মই অব্যাহতি ল’লো’। মই দায়িত্বত থাকিলেও আবেদনকাৰীয়ে শুদ্ধ তথ্যই পালেহেঁতেন’। ইমানেই নহয়, ফেচবুক পোষ্টত তথ্য আয়োগৰ সংস্কাৰৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সন্দৰ্ভতো তথ্য দিলে মহন্তই।

পদত্যাগৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য। 'এজন ব্যক্তিয়ে সাংস্কৃতিক অনুষ্ঠানৰ বিত্তীয় লেনদেনৰ তথ্য বিচাৰি তথ্য আয়োগক RTI কৰিছে। তাত মোৰ ভাতৃৰ নামো আহিব। পত্ৰ যোগে মোক আগৰ দৰেই নিৰপেক্ষ হ’বলৈ কৈছিল RTI কৰা ব্যক্তিজনে। সেয়ে পদত্যাগ কৰিলো।’

Advertisment
Advertisment