Advertisment

৬ হাজাৰ নহয় PM KISANৰ হিতাধিকাৰীলৈ বছৰি ১২ হাজাৰ টকা! কোন কোন কৃষকৰ বাবে এই সুবিধা?

কেন্দ্ৰীয় চৰকাৰে কৃষকক বছৰি ৬ হাজাৰ টকাকৈ দিয়া হয় যদিও এখন ৰাজ্যই একাংশ কৃষকক বছৰি অতিৰিক্ত ৬ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে। কেন্দ্ৰৰ পৰা বাৰ্ষিক ৬,০০০ টকাৰ সমান্তৰালকৈ তেওঁলোকক ৰাজ্য চৰকাৰে ৬,০০০ টকা আগবঢ়াই।

 PM KISAN Photograph: (INTERNET)
PM KISAN Photograph: (INTERNET)

কৃষকৰ বাবে বছৰি ১২ হাজাৰ টকা! কোন কৃষকৰ বাবে এই সুবিধা? 

ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। দেশখনৰ জনসংখ্যাৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি আৰু খেতিৰ জৰিয়তে আমাৰ দেশৰ বহুলোকে জীৱন নিৰ্বাহ কৰি আহিছে। কৃষি খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহু লোকে পৰিয়ালৰ ভৰণ-পোষণৰ বাট মোকলাই আহিছে। যদিও কৃষিৰ ওপৰত আমাৰ দেশৰ প্ৰায় সংখ্যক লোক নিৰ্ভৰশীল তথাপি খেতিৰ জৰিয়তে যিধৰণে লাভান্বিত হ'ব লাগিছিল বা উপাৰ্জন কৰিব লাগিছিল কৃষকসকলে সেইধৰণে উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। 

Advertisment

দেশৰ কৃষকসকলৰ কথা ভাবি কেন্দ্ৰীয় চৰকাৰে চলাই আছে কৃষক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও কৃষকৰ সুবিধাৰ বাবে বহু আঁচনি দেশৰ বহু ৰাজ্যৰ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি আহিছে। মধ্যপ্ৰদেশ চৰকাৰে  কৃষকসকলৰ বাবে ৰূপায়ণ কৰি আহিছে এখন বিশেষ আঁচনি। যিখনৰ আঁচনিৰ বাবে ৰাজ্যখনৰ কৃষকসকল আন ৰাজ্যৰ তুলনাত দুগুণ লাভান্বিত হৈ আহিছে। 

সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত কৃষকক বছৰি ৬ হাজাৰ টকাকৈ দিয়া হয় যদিও মধ্যপ্ৰদেশৰ একাংশ কৃষকক বছৰি ১২ হাজাৰ টকাকৈ সাহায্য দিয়া হয়। অৱশ্যে ৰাজ্যখনৰ সকলো কৃষকে এই সুবিধা নাপাই। মধ্যপ্ৰদেশ চৰকাৰে কৃষকক সুকীয়াকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা ৰূপায়ণ কৰি আহিছে। যিসকল কৃষকে ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সুবিধা লাভ কৰিছে অৰ্থাৎ কেন্দ্ৰৰ পৰা বাৰ্ষিক ৬,০০০ টকাৰ সমান্তৰালকৈ তেওঁলোকক ৰাজ্য চৰকাৰে ৬,০০০ টকা আগবঢ়াই আহিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ কিস্তিৰ লগতে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনাৰ কিস্তিৰ ধনো লাভ কৰে কৃষকসকলে। এই ধনৰাশি কৃষকৰ একাউণ্টলৈ দুহেজাৰ টকাকৈ তিনিটা কিস্তিত প্ৰেৰণ কৰা হয়।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ৬,০০০ টকা আৰু মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনাৰ ৬,০০০ টকা মিলি মধ্যপ্ৰদেশৰ এই কৃষকসকলে মুঠ ১২ হাজাৰ টকা লাভ কৰে। যিটো আন ৰাজ্যৰ কৃষকৰ তুলনাত দুগুণ। অৱশ্যে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনাত সকলো কৃষক অন্তৰ্ভুক্ত নহয়। ইয়াৰ বাবে চৰকাৰে কিছুমান যোগ্যতা নিৰ্ধাৰণ কৰিছে। এই আঁচনিৰ সুবিধা কেৱল সেইসকল কৃষককহে দিয়া হয় যিসকল মধ্যপ্ৰদেশৰ স্থায়ী বাসিন্দা। লগতে কৃষকৰ নাম পি এম কিষাণ সন্মান নিধি যোজনাত পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাহিৰেও আবেদনকাৰীৰ নিজাকৈ কৃষিভূমি থাকিব লাগে য’ত তেওঁ খেতি কৰি আছে।