Advertisment

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ ঘটনা।

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ ঘটনা। নৃশংস হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাৰ নগাপথাৰ ইনথেম বৌদ্ধ বিহাৰত সংঘটিত শিহৰণকাৰী হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বৌদ্ধ ভিক্ষু ইন্দ্ৰ বংশা নামৰ বাবাক কুঠাৰেৰে ঘপিয়াই হত্যাৰ সন্দেহ।

 বৌদ্ধ ভিক্ষুক নৃশংস হত্যা Photograph: (DY365)
বৌদ্ধ ভিক্ষুক নৃশংস হত্যা Photograph: (DY365)

বৌদ্ধ ভিক্ষুক নৃশংস হত্যা


কোনে কিয় হত্যা কৰিলে বৌদ্ধ ভিক্ষু ইন্দ্ৰ বংশাক?

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ ঘটনা। নৃশংস হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাৰ নগাপথাৰ ইনথেম বৌদ্ধ বিহাৰত সংঘটিত শিহৰণকাৰী হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বৌদ্ধ ভিক্ষু ইন্দ্ৰ বংশা নামৰ বাবাক কুঠাৰেৰে ঘপিয়াই হত্যাৰ সন্দেহ। 

Advertisment

Also Read: পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন!

ঘটনা অনুসৰি মাৰ্ঘেৰিটাৰ নগাপথাৰ ইনথেম বৌদ্ধ বিহাৰত বৌদ্ধ ভিক্ষু ইন্দ্ৰ বংশাক নৃশংসভাৱে হত্যা কৰে কোনো দুৰ্বৃত্তই। নিজ আবাস গৃহতে কোনো অচিনাক্ত দুৰ্বৃত্তই কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ। দুই-তিনি দিন মানৰ আগতেই হত্যা কৰি বৌদ্ধ ভিক্ষু ইন্দ্ৰ বংশাক পেলাই থৈ যায় দুৰ্বৃত্তই। হত্যা কৰি মৃতদেহৰ কাষত পেলাই থৈ যায় হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখন। শনিবাৰে নিশা ইন্দ্ৰ বংশাক নৈশ আহাৰ দিবলৈ যাওতে পোহৰলৈ আহে সকলো কথা। পেঙেৰী থানাৰ অন্তৰ্গত ইনথেম নগাপথাৰস্থিত বৌদ্ধ মন্দিৰত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখনৰ লগতে কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰি থানলৈ লৈ যায়।

Also Read: চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে নাচি অপসাৰিত চিকিৎসক !

উল্লেখ্য যে, বৌদ্ধ ভিক্ষুজনক কোনে কি কাৰণত নৃশংসভাৱে হত্যা কৰিলে জানিব পৰা হোৱা নাই। তদন্তৰ খাতিৰত আৰক্ষীয়েও কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব। ইফালে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত

Also Read: 'নিযুত মইনা'ৰ পাছত আহি আছে 'বাবু আঁচনি'

Advertisment
Advertisment